ETV Bharat / state

সকলোৰে বাবে এক আদৰ্শ জয়ন্তীপুৰৰ পংকজ ৰাজবংশী - Pankaj dynasty of kamrup District is a role model for us!

মনৰ একগ্ৰতা, সাহস আৰু ধৈৰ্যৰে অসম্ভৱকো সম্ভৱ কৰিছে কামৰূপ জিলাৰ জয়ন্তীপুৰৰ পংকজ ৰাজবংশী নামৰ লোকজনে ৷ দুৰ্ঘটনাত এখন হাত হেৰুৱাইয়ো ব্যৱসায় কৰি পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে পংকজ ৰাজবংশীয়ে ৷

Pankaj dynasty of kamrup District is a role model for us!
সকলোৰে বাবে এক আদৰ্শ জয়ন্তীপুৰৰ পংকজ ৰাজবংশী !
author img

By

Published : Jun 15, 2021, 10:07 PM IST

কামৰূপ, 15 জুন : মনৰ একগ্ৰতা, সাহস আৰু ধৈৰ্যৰে অসম্ভৱকো সম্ভব কৰাৰ অনেক উদাহৰণ আছে । তেনে এক উদাহৰণ হৈ পৰিছে কামৰূপ জিলাৰ জয়ন্তীপুৰৰ এগৰাকী বিশেষ ব্যক্তি । ব্যক্তিগৰাকীৰ নাম পংকজ ৰাজবংশী ৷

উল্লেখ্য যে, 2006 বৰ্ষত এটা উদ্দ্যোগত কৰ্মৰত অৱস্থাত সংঘটিত হৈছিল এটা ভয়ংকৰ দুৰ্ঘটনা ৷ উক্ত দুৰ্ঘটনাটোৰ বলি হৈছিল কামৰূপ জিলাৰ জয়ন্তীপুৰৰ পংকজ ৰাজবংশী নামৰ লোকজন ৷ দুৰ্ঘটনাটোত পংকজে হেৰুৱাবলগীয়া হৈছিল এখন হাত ৷

সকলোৰে বাবে এক আদৰ্শ জয়ন্তীপুৰৰ পংকজ ৰাজবংশী !

তথাপিও পাঁচজনীয়া পৰিয়ালটোৰ একমাত্র উপাৰ্জনকাৰী পংকজ ভাগি পৰা নাছিল । এখন হাতেৰে আৰম্ভ কৰিছিল কল, ঢেঁকীয়া আদি বিভিন্ন ব্যৱসায় । এখন হাতেৰে স্কুটী চলাই আনৰ ঘৰৰ পৰা কল সংগ্ৰহ কৰি বিক্ৰী কৰে পংকজে ।

অকল সেয়াই নহয় বিক্ৰীৰ বাবে কলবোৰ বজাৰলৈ নিয়াৰ সময়তো এখন হাতেৰেই সকলো কৰিবলগা হয় পংকজে । কিন্তু দুখৰ বিষয়যে আজিলৈকে চৰকাৰৰ পৰা কোনো এখন আঁচনিৰ পৰা লাভ নকৰিলে ধন ৷

কিন্তু চৰকাৰি আঁচনিয়ে ধুকি নোপোৱা পংকজে কাৰো ওচৰত হাত নাপাতি দীৰ্ঘ দিনধৰি কল ব্যৱসায় কৰিয়েই নিজৰ লগতে পৰিয়ালটো পোহপাল দিবলৈ সক্ষম হৈছে ৷ মনৰ দৃঢ় বিশ্বাস তথা কঠোৰ পৰিশ্ৰম তথা ধৈৰ্য, সাহসেৰে নিজৰ দায়িত্ব কৰ্তব্য পালন কৰিব পাৰিলে যে জীৱনত সফলতা লাভ কৰিব পাৰি তাৰেই এক বাস্তৱ উদাহৰণ কামৰূপৰ পংকজ ৰাজবংশী ৷

লগতে পঢ়ক-অৱশেষত জামিন লাভ দেবাংগনা কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.