বাইহাটা,21 জানুৱাৰী : বাইহাটা মদনপুৰ টোলগেটত পুনৰ উত্তপ্ত পৰিস্থিতি ৷ কমলপুৰ চক্ৰ বিষয়াৰ পাছত পুনৰ মহিলাক অশ্লীন আচৰণ টোল গেট কৰ্মচাৰীৰ ৷ টোলগেটত টোল পৰিশোধ কৰাত কিছু পলম হোৱাত এগৰাকী মহিলাক অশ্ৰাব্য গালি-গালাজ কৰে টোলগেটৰ দুই কৰ্মচাৰীয়ে ৷ ইয়াকে লৈ প্ৰতিবাদ মুখৰ হৈ পৰিল বাইহাটা মদনপুৰ টোলগেট ৷
ইয়াৰ পাছতেই কিছুসময়ৰ বাবে বন্ধ হৈ পৰে মদনপুৰ টোলগেট ৷ পৰৰ্ৱতী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতি কিছু সাম কাটে ৷ ইতিমধ্যে এই ঘটনাৰ লগত জড়িত আব্দুল ৰৌফ নামৰ এজন অভিযুক্ত টোলগেট কৰ্মীক আটক কৰে আৰক্ষীয়ে ৷ কিন্তু আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হয় আন এজন অভিযুক্ত ৷
এই অভ্যব্য আচৰণ কৰা টোল গেট কৰ্মচাৰীক কোনে লগাব নাকী ? ইয়াক লৈ এতিয়া সকলোৱা তুলিছে প্ৰশ্ন ৷
লগতে পঢ়ক : তেজপুৰ বায়ুসেনাৰ ঘাটি শত্ৰু পক্ষক প্ৰতিৰোধ কৰিবলৈ সদা প্ৰস্তুত