ETV Bharat / state

Erosion in AAP Assam : ৰঙিয়াত আপ অসমত খহনীয়া; ৩ গৰাকী উপ-সভাপতি সহ পদত্যাগ ৫০০ ৰো অধিক কৰ্মীৰ - সমূহীয়া পদত্যাগ

ৰঙিয়াত আপ কৰ্মীৰ সমূহীয়া পদত্যাগ ৷ ৩ গৰাকী উপ-সভাপতি সহ পদত্যাগ ৫০০ ৰো অধিক আপ কৰ্মীৰ ৷

Workers of AAP Assam Resigned at Rangia
৫০০ ৰো অধিক আপ কৰ্মীৰ সমূহীয়া পদত্যাগ
author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 9:46 PM IST

আপ অসমত খহনীয়া

ৰঙিয়া, 11 ছেপ্টেম্বৰ : লোকসভা নিৰ্বাচনৰ পূৰ্বে আপ অসমত মোক্ষম আঘাত ৷ ৰঙিয়াত আপ কৰ্মীৰ সমূহীয়া পদত্যাগ ৷ ৰঙিয়া সমষ্টিৰ ৩ গৰাকী উপ-সভাপতি সহ পদত্যাগ ৫০০ ৰো অধিক আপ কৰ্মীৰ ৷

লগতে পদত্যাগ কৰিলে উত্তৰ কামৰূপ জিলা সমিতিৰ প্ৰাক্তন সভাপতি নব কলিতায়ো ৷ ৰাজ্যিক কমিটিৰ কাম-কাজত অতিষ্ঠ হৈ পদত্যাগ কৰা বুলি জানিবলৈ দিছে পদত্যাগী নেতা তথা কৰ্মীসকলে ৷ তৃণমূল কৰ্মীসকলক গুৰুত্ব নিদিয়াৰ অভিযোগ পদত্যাগ কৰা কৰ্মী সকলৰ ৷ আপ অসমৰ ৰাজ্যিক সভাপতি ড৹ ভবেন চৌধুৰী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ তত্ত্বাবধায়ক ৰাজেশ শৰ্মাৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ ৰঙিয়াত সমুহীয়াভাৱে এই পাঁচ শতাধিক কৰ্মীয়ে পদত্যাগ কৰা বুলি সংবাদমেল যোগে জানিবলৈ দিয়ে ৷

আম আদমী পাৰ্টীয়ে অসমত বিজেপিৰ "বি টিম" হিচাপে কাম কৰি অহাৰ অভিযোগ ৰাজ্যিক কমিটিৰ বিৰুদ্ধে ৷ ৰঙিয়া প্ৰেছ ক্লাবত সংবাদ মেলযোগে সমূহীয়া পদত্যাগৰ কথা ঘোষণা কৰে পদত্যাগী আপ অসমৰ নেতা-কৰ্মী সকলে ৷ এই সকল কৰ্মীয়ে আপৰ নেতা অৰবিন্দ কেজৰিৱালৰ আদৰ্শৰ প্ৰতি মোহিত হৈ দলত যোগদান কৰিছিল বুলি মন্তব্য কৰে ৷ কিন্তু ৰাজ্যত যি সকল লোকে নেতৃত্ব লৈ আছে সেই সকল লোকৰ কৰ্ম দক্ষতাৰ ওপৰত সন্দেহ সৃষ্টি হোৱাত সোমবাৰে নেতা-কৰ্মীসকলে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ।

আনহাতে আম আদমী পাৰ্টীৰ ৰাজ্যিক মিডিয়া আহ্বায়ক জয়ন্ত কুমাৰ কলিতাৰ বিৰুদ্ধেও তীব্ৰ অভিযোগ পদত্যাগী এইসকল নেতা-কৰ্মীৰ । জয়ন্ত কলিতাই পূৰ্বৰ সমিতিখন অনৈতিকভাবে ভংগ কৰি নতুন কমিটিখন নিজ মইমতালিৰে গঠন কৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে কৰ্মীসকলে ৷ সংবাদ মেলত পদত্যাগী নেতা-কৰ্মীসকলে আম আদমী পাৰ্টিৰ কৰ্মীয়ে ভাল কাম কৰিব বিচাৰিলে দলৰ পৰা আঁতৰাই দিয়াৰো অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক : Assam Assembly Autumn Session: ৰাজ্যত দৈনিক ৩ হত্যাকাণ্ড আৰু ২ ধৰ্ষণৰ ঘটনা‌ সংঘটিত হয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.