ETV Bharat / state

ৰঙিয়াত ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ 50 তম বৰ্ষপূতি অনুষ্ঠানৰ আয়োজন - স্মৃতি ৰোমন্থন

ৰঙিয়াত আয়োজন কৰা হৈছে ভাৰতৰ ছাত্ৰ ফেডাৰেচন চমুকৈ এছ এফ আইৰ 50 তম বৰ্ষপূৰ্তি অনুষ্ঠান ৷ বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে ৰঙিয়াত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

organizing-the-50th-anniversary-of-rangia-student-federation
ৰঙিয়াত ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ 50 তম বৰ্ষপূতি অনুষ্ঠানৰ আয়োজন
author img

By

Published : Dec 28, 2020, 10:35 PM IST

ৰঙিয়া, 28 ডিচেম্বৰ : ৰঙিয়াত আয়োজন কৰা হৈছে ভাৰতৰ ছাত্ৰ ফেডাৰেছন চমুকৈ এছ এফ আইৰ 50 তম বৰ্ষপূৰ্তি অনুষ্ঠান ৷ বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে ৰঙিয়াত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

প্ৰথমে ৰঙিয়া মহাবিদ‍্যালয়ৰ সন্মুখত সংস্থাটোৰ পতাকা উত্তোলন কৰা হয় । ইয়াৰ পিচত ঐতিহাসিক ৰঙিয়া শ্বহীদ কৃষক ভৱনৰ সন্মুখত ৰাভা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ পদপথত ষ্ট্ৰীট লাইব্ৰেৰী

সন্ধিয়ালৈ একে ঠাইতে ফেডাৰেছনৰ ন-পুৰণি সদস্য সকল মিলিত হয় । ৰঙিয়াৰ দাঁতিকাষৰীয়া অঞ্চল ডিমু, কণীহা আদিৰ পৰা ফেডাৰেছনৰ পুৰণি সদস্য সকলে সভাত যোগদান কৰে । জীৱনৰ তাগিদাত বিভিন্ন কৰ্মসংস্থাপন গ্ৰহণ কৰা পুৰণি সদস্য সকলে ফেডাৰেছনৰ সদস্য হৈ থাকোতে কৰা কাম সমূহৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে ।

প্ৰাক্তন এছ এফ আই সদস্যৰ মন্তব্য

উল্লেখযোগ্য যে, 1970 চনত ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ জন্ম হৈছিল । ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলৰ এখন সভা 1970 চনত তিৰুৱন্তপুৰমত অনুস্থিত হৈছিল । এই সভাখনৰ অন্ততে এছ এফ আই গঠন কৰা হৈছিল ৷

লগতে পঢ়ক : পূব কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক গোটৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.