কামৰূপ, 12 জুন : গাহৰি পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিলে বকোৰ এজন যুৱকে(One person of Boko is Self dependent by Piggery)৷ যি সময়ত ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱাই কৰ্ম সংস্থাপন বিচাৰি হাঁহাকাৰ কৰিবলগীয়া হৈছে তেনে সময়তে কোনো ধৰণৰ চৰকাৰী চাকৰিক ভৰসা নকৰি একমাত্ৰ নিজৰ প্ৰচেষ্টা, একাগ্ৰতা আৰু কষ্টৰ বলত গাহৰি পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে কামৰূপৰ বকোৰ বন্দাপাৰা গাঁৱৰ কাৰ্তিক ৰাভাই ।
এনেই হাত সাৱটি বহি নাথাকি চৰকাৰীভাৱে কোনো ধৰণৰ আৰ্থিক সাহায্য অবিহনে ঘৰতে খেৰেৰে গাহৰি ফাৰ্ম আৰম্ভ কৰিছিল কাৰ্তিক ৰাভাই । আজিৰ পৰা প্ৰায় ২ বছৰ পূৰ্বে পোৱালি গাহৰিৰে সৰুকৈ আৰম্ভ কৰা গাহৰি ফাৰ্মখনে বৰ্তমান সমগ্ৰ বকো অঞ্চলৰ ভিতৰত এখন আগশাৰীৰ ফাৰ্ম হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে । এতিয়া ফাৰ্মখনত গাহৰি আছে প্ৰায় ৩০ টা ৷
কৰ্মোদ্যমী কাৰ্তিক ৰাভাই জানিবলৈ দিয়া মতে, গাহৰি পালন এক পৰ্য্যাবৰণ অনুকূল ব্যৱসায় । চাউলৰ গুৰি, কচু, তুহগুৰি আদি সামগ্ৰী তেওঁ গাহৰিক খাদ্য হিচাপে যোগান ধৰে । ইফালে, অসম চৰকাৰৰ পশুপালন বিভাগৰ তৰফৰ পৰা আজি পৰ্য্যন্ত কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই বুলি উল্লেখ কৰে ব্যৱসায়ীজনে ।
গাহৰিসমূহ নিজ ঘৰৰ পৰা বিক্ৰী কৰাৰ লগতে স্থানীয় বজাৰতো বিক্ৰীৰ কাৰণে নিয়ে বুলি জানিবলৈ দিয়ে ৰাভাই । বৰ্তমান এই ফাৰ্মখনৰ পৰা বছৰি ২ৰ পৰা ৩ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে কাৰ্তিক ৰাভাই ৷ ইফালে, এই উপাৰ্জনৰ ধনেৰে ফাৰ্মখনত থকা আন এগৰাকী কৰ্মচাৰীৰ লগতে নিজৰ পৰিয়ালটোকো আৰ্থিকভাৱে সকাহ দিবলৈ সক্ষম হৈছে কাৰ্তিক ৰাভাই ।
লগতে পঢ়ক : Flood in Assam 2022: ২.৮০ লাখ কৃষক পৰিয়ালে পোৱা নাই কোনো সাহায্য