ETV Bharat / state

ছয়গাঁৱত এজনৰ দেহত কৰণা পজিটিভ

author img

By

Published : Jul 1, 2020, 9:41 AM IST

Updated : Jul 1, 2020, 10:15 AM IST

যোৱা ২৭ জুনত গুৱাহাটীত শ্বাৱ নমুনা সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগে । তাৰ পিছতে তেওঁক হোম কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ দিছিল স্বাস্থ্য বিভাগে। পেছাত অটো ৰিক্সা চলাই জীৱিকা নিৰ্বাহ কৰিছিল লোকজনে।

ছয়গাঁৱত এজনৰ দেহত কৰণা পজিটিভ
ছয়গাঁৱত এজনৰ দেহত কৰণা পজিটিভ

বকো, 1 জুনঃ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ'ণা সংক্ৰমণ । কামৰূপ জিলাৰ ছয়গাঁৱতো মঙলবাৰে নিশা পুনৰ এজন দেহত কৰ'ণা পজিটিভ ধৰা পৰে। ছয়গাঁৱৰ বাহজানী-কন্দলপাৰাৰ ৫৭ বছৰ বয়সৰ অনিত কলিতা নামৰ লোকজনৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ । গুৱাহাটীৰ উলুবাৰীৰ ভাৰাঘৰত নিজৰ পৰিয়ালৰ সতে বাস কৰিছিল অনিত কলিতা । যোৱা ২৭ জুনত গুৱাহাটীত শ্বাৱ নমুনা সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগে । তাৰ পিছতে তেওঁক হোম কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ দিছিল স্বাস্থ্য বিভাগে। পেছাত অটো ৰিক্সা চলাই জীৱিকা নিৰ্বাহ কৰিছিল অনিত কলিতাই । কোনো ধৰণৰ ট্ৰেভেল হিষ্ট'ৰী নথকা কলিতা,গণ সংক্ৰমণৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ । বকোৰ স্বাস্থ্য বিভাগে আহি অনিত কলিতাক চিকিৎসাৰ বাবে কামৰূপ জিলাৰ শিঙিমাৰী কৰণা চিকিৎসালয়ত ভৰ্ত্তি কৰায়। ছয়গাঁৱ ৰাজহ চক্ৰ বিষয়া ড০ প্ৰীতিলেখা ডেকা বাহজানী-কন্দলপাৰাত উপস্থিত হৈ অনিত কলিতাৰ গৃহ ১৪ দিনৰ বাবে কন্টেইনমেন্ট জ'ন ঘোষণা কৰে।

লগতে চাওকঃ জম্মুৰ ত্ৰাল অঞ্চলত বিগত ২৪ ঘণ্টাত দ্বিতীয়টো গুলীবৰ্ষণৰ ঘটনা

Last Updated : Jul 1, 2020, 10:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.