ৰঙিয়া, 16 এপ্ৰিল : ৰাজ্যবাসী ৰঙালীৰ আনন্দ-উছাহত মতলীয়া হৈ থকাৰ সময়তে ৰঙিয়ালৈ আহিলে এটি দুঃখবৰ ৷ শনিবাৰে পুৱা ৰঙিয়াৰ সমীপৱৰ্তী মৰাণজানাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা(Road accident at Rangia) ৷ য’ত থিতাতে মৃত্যুবৰণ কৰে এজন লোকে(One person died in a road accident at Rangia) ৷
প্ৰাপ্ত তথ্য অনুসৰি, পূৱপাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ অন্যতম সদস্য তথা ৰঙিয়াৰ হাহাৰা নিবাসী ডিম্বেশ্বৰ কলিতা(32) নামৰ লোকজনে বিহুলৈ আমন্ত্ৰিত অতিথিক ঘৰত থ’বলৈ বুলি ৰঙিয়ালৈ গৈছিল ৷ অতিথিক ঘৰত নমাই পুনৰ ব্যক্তিগৰাকী বিহুথলীলৈ উভতি অহাৰ পথতে সংঘটিত হয় দুৰ্ঘটনাটো ৷
গুৱাহাটী অভিমুখী PB 11 CF 5624 নম্বৰৰ এখন ট্ৰাকে মহতিয়াই নিয়ে কলিতাক ৷ যাৰ ফলত থিতাতে মৃত্যু ঘটে লোকজনৰ ৷ মূহুৰ্ততে এই খবৰ বিয়পি পৰাৰ লগতে পূৱপাৰ আঞ্চলিক ৰঙালী বিহু কমিটিয়ে বিহুৰ সকলো ধৰণৰ কাৰ্যসূচী বাতিল কৰে ৷
ক্ৰমাৎ যেন "কিলাৰ হাইৱে" লৈ পৰিণত হৈছে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ বিগত কিছুদিনৰ সামগ্ৰিক তথ্য লক্ষ্য কৰিলে দেখা যাব যে, 31 নং ৰাষ্ট্ৰীয় ঘাইপথত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ য’ত বহুকেইজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷
লগতে চাওক: পহিলা ব’হাগৰ দিনাই মাণিকপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা; আহত 4