ETV Bharat / state

ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এক

author img

By

Published : Oct 2, 2020, 10:07 PM IST

ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এক ৷ মৃত লোকজন হৈছে ৰঙিয়া মল'খাতৰ হাতিম আলী (30) ।

One died in a road accident at Rangia
ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এক

ৰঙিয়া, 2 অক্টোবৰ : ৰঙিয়া বালাগাঁৱত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত এজন লোক ‌। মৃত লোকজন হৈছে ৰঙিয়া মল'খাতৰ হাতিম আলী (30) ।

তীব্ৰবেগী এখন চুইফট্ ডিজায়াৰ গাড়ীয়ে এখন স্কুটিত খুন্দিওৱাত দুৰ্ঘটনাটো সংঘটিত হয় । AS 25-P 1400 নম্বৰৰ স্কুটিখনক গুৱাহাটীৰ পৰা নলবাৰী অভিমুখী তীব্ৰবেগী চুইফট্ ডিজায়াৰ গাড়ীখনে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় স্কুটি আৰোহীজন ।

দুৰ্ঘটনা সংঘটিত কৰিয়ে গাড়ীখনে পলাবলৈ চেষ্টা কৰে যদিও চকা ফুটাৰ বাবে প্ৰায় দুই কিল'মিটাৰ পথ অতিক্ৰম কৰাৰ পিছত ৰৈ যাব লগা হয় । লগে লগে স্থানীয় ৰাইজে গাড়ীখন আবদ্ধ কৰি আৰক্ষীক গতাই দিয়ে ।

লগতে পঢ়ক : অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ অহাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.