ETV Bharat / state

ৰঙিয়াত তাণ্ডৱ ভূটানৰ ট্ৰাক চালকৰ - One Bhutan truck driver Arrested By Police At Rangia

ৰঙিয়াত ভূটানৰ ট্ৰাক চালকে (Truck Driver) চলালে তাণ্ডৱ ৷ এফালৰ পৰা মহতিয়াই নিলে ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বহু কেইখন বাহন ৷ তাৰোপৰি কেইবাটাও বিদ্যুৎ সংযোগী খুঁটাও বিনষ্ট হয় ৷ কথমপি ৰক্ষা পৰে চহৰখনৰ বহুলোক ৷

One Bhutan truck driver Arrested By Police At Rangia
ৰঙিয়াত তাণ্ডৱ ভূটানৰ ট্ৰাক চালকৰ
author img

By

Published : Jul 28, 2021, 4:04 PM IST

ৰঙিয়া, 28 জুলাই : মঙলবাৰে ৰঙিয়া চহৰ (Rangia Town)ত সংঘটিত হয় এক দুৰ্ঘটনা ৷ ভাৰত-ভূটান (Bhutan) আন্তঃৰাষ্ট্ৰীয় ঘাইপথ (National High Way) সংলগ্ন ৰঙিয়াত ভূটানৰ ট্ৰাকচালকে চলালে তাণ্ডৱ । চুবুৰীয়া ৰাষ্ট্ৰখনৰ এজন ট্ৰাকচালকে এফালৰ পৰা মহতিয়াই লৈ গ'ল কেইবাখনো চাৰিচকীয়া বাহন, কুৰিখনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ১৫ টাতকৈ অধিক বিদ্যুৎ সংযোগী খুঁটা । ট্ৰাক চালকজনৰ এই কাণ্ডৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বহু লোকৰ ।

উল্লেখ্য যে, মঙলবাৰে ভূটানৰ পৰা ৰঙিয়া অভিমুখে তীব্ৰবেগত আহে এখন ট্ৰাক ৷ ট্ৰাকখনৰ নম্বৰ BP 2 A 7196 ৷ তীব্ৰবেগত অহা ট্ৰাকখনে ৰঙিয়া চহৰত প্ৰৱেশ কৰিয়েই এফালৰ পৰা চলাই যায় তাণ্ডৱ ৷ ট্ৰাকখনে বিদ্যুতৰ খুঁটা মহতিয়াই নিয়াৰ ফলত ঠায়ে ঠায়ে বিদ্যুৎ সৰবৰাহ হৈ কম-বেছি পৰিমাণে অগ্নিকাণ্ড সংঘটিত হয় । দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই যদিও কেইবাটাও গো-ধনৰ মৃত্যু ঘটে ৷

ৰঙিয়াত তাণ্ডৱ ভূটানৰ ট্ৰাক চালকৰ

লগতে পঢ়ক - অসম-মিজোৰাম সীমান্তৱৰ্তী ৰাঙ্গামাটিত পথ অৱৰোধ

উক্ত ঘটনাটোৰ বাবে এক আতংকময় পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত । ট্ৰাকখনে পথটোৰ প্ৰায় দুই কিল’মিটাৰ অংশ এনেদৰেই এটাৰ পিছত আন এটা দুৰ্ঘটনা সংঘটিত কৰি নিয়ে ৷ ফলত বহু পৰিমাণৰ ক্ষয় ক্ষতি হয় । বিদ্য়ুতৰ খুঁটাসমূহ উভালি পৰাত বহু সময়ৰ বাবে বিদ্যুৎ যোগান ব্যাহত হয় ৷

ততালিকে উক্ত ঘটনাটো আৰক্ষীক অৱগত কৰে স্থানীয় লোকসকলে ৷ দুৰ্ঘটনাৰ খবৰ পাই আৰক্ষীয়ে ট্ৰাক চালকজনক আটক কৰি থানালৈ লৈ যায় । ৰাইজৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি ৰঙিয়াত একাংশ উদণ্ড চালকে বহু দুৰ্ঘটনা সংঘটিত কৰি আহিছে ৷

এই উদণ্ড চালকসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল'ব পৰা নাই স্থানীয় প্ৰশাসনে ৷ আৰক্ষী আৰু প্ৰশাসন (Administration) সম্পূৰ্ণৰূপে এইক্ষেত্ৰত ব্যৰ্থ হোৱাৰ দাবী কৰে ৰাইজে ৷ যাৰ সুযোগ গ্ৰহণ কৰি এই ধৰণে একাংশ ট্ৰাক চালকে তাণ্ডৱ চলাই আহিছে ৷

লগতে পঢ়ক- দুৰ্বৃত্তই ভাঙিলে জাতিৰ পিতাৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.