ETV Bharat / state

বৰুৱাজানীত উৎখাত দলিলৰ অবৈধ বেহাৰ ঘাটি

দলিলৰ অবৈধ বেহাৰ ঘাটি উৎখাতঃ আটক চাহিদা খাতুন নামৰ এগৰাকী মহিলাক

দলিলৰ অবৈধ বেহাৰ ঘাটি উৎখাত
author img

By

Published : Mar 28, 2019, 3:06 PM IST

কামৰূপ, 28 মাৰ্চঃ কামৰূপৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাজানীত দলিলৰ অবৈধ বেহাৰ এটা ঘাটি উৎখাত কৰে কমলপুৰ আৰক্ষীয়ে ৷ গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে দলিলৰ অবৈধ বেহাৰ ঘাটিটো ৷ লগতে ঘাটিটোৰ পাৰ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ৰাজহ টিকট আৰু দলিল ৷ বৰুৱাজানীৰ চাফনুৰ আলী নামৰ এগৰাকী ব্যক্তিয়ে নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত দীৰ্ঘদিন ধৰি চলাই আহিছিল দলিলৰ এই অবৈধ বেহা ৷

দলিলৰ অবৈধ বেহাৰ ঘাটি উৎখাত
অঞ্চলটোৰ একাংশ সচেতন ৰাইজে কমলপুৰ ৰাজহ চক্ৰ বিষয়াক অভিযোগ প্ৰদান কৰাৰ পাচতে বিষয়াগৰাকীৰ নিৰ্দেশক্ৰমে চাফনুৰ আলী ব্যৱসায়িক প্ৰতিষ্ঠানত কমলপুৰ আৰক্ষীয়ে তালাচী চলাই দলিল আৰু বৃহৎ পৰিমাণৰ ষ্টাম্প পেপাৰ জব্দ কৰাৰ লগতে আটক কৰে চাফনুৰৰ পত্নী চাহিদা খাতুনক ৷ উল্লেখ্য যে, পেচাত শিক্ষকতা কৰা চাফনুৰৰ পত্নী চাহিদাই চোৱাচিতা কৰিছিল এই অবৈধ বেহা ৷ ইপিনে আৰক্ষীয়ে চাহিদা খাতুনক আটক কৰাৰ পাচতে আত্মাগোপন কৰে চাফনুৰ আলীয়ে ৷

Slug:--Baihata illegal Stamp Paper sale

V/O:--কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাজানীত দলিলৰ অবৈধ বেহাৰ এটি ঘাটি উৎখাত কৰে কমলপুৰ আৰক্ষীয়ে ।  এগৰাকী মহিলা আটক কৰাৰ লগতে জব্দ কৰে বহু পৰিমাণৰ ৰেভিনিউ টিকট আৰু দলিল ।কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাজনীৰ চাফনুৰ আলীৰ নামৰ ব্যক্তি এজনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত দীৰ্ঘদিন ধৰি ব্যৱসায়ী গৰাকীয়ে  চলাই আহিছিল দলিলৰ ৰমৰমীয়া কলা বেহা। চাফনুৰ আলীৰ দলিলৰ এনে কলা বেহাৰ  বিৰুদ্ধে অঞ্চলটোৰ একাংশ সচেতন মহলে কমলপুৰ ৰাজহ চক্ৰ বিষয়া বেদাংগ তালুকদাৰক অভিযোগ প্ৰদান কৰে। সেইমৰ্মে ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে কমলপুৰ আৰক্ষী থানাক দলিলৰ এনে কলা বেহাৰ   বিৰুদ্ধে তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। এনে অভিযোগৰ তদন্ত কৰি কমলপুৰ আৰক্ষীয়ে চাফনুৰ আলীয়ে দলিলৰ অবৈধ বেহা চলাই আহিছে বুলি নিশ্চিত হয়। সেই অনুসৰি কমলপুৰ আৰক্ষীয়ে অভিযান চলাই চাফনুৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা দলিল আৰু বৃহৎ পৰিমাণৰ ষ্টাম্প জব্দ কৰাৰ লগতে চাফনুৰৰ পত্নী চাহিদা খাতুনক আটক কৰিবলৈ সক্ষম হৈছে। উল্লেখ যে পেচাত শিক্ষকতা কৰা চাফনুৰক পত্নী চাহিদাই দলিলৰ অবৈধ ব্যৱসায়টো চোৱাচিতা কৰিছিল। আৰক্ষীয়ে চাহিদা খাতুনক আটক কৰাৰ পাছতে চাফনুৰ আলীয়ে আত্মাগোপন কৰে । 
বাইট:---
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.