ETV Bharat / state

ৰঙিয়াত নৱম শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ - নৱম শ্ৰেণীৰ পাঠদান

চৰকাৰৰ নিৰ্দেশনা অনুসৰি শুকুৰবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে নৱম শ্ৰেণীৰ পাঠদান ৷ সেই অনুসৰি, চৰকাৰৰ নিৰ্দেশনা মানি ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষইও আৰম্ভ কৰিছে পাঠদান প্ৰক্ৰিয়া ৷

offline classes for class nine resumes in rangia
নৱম শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ
author img

By

Published : Oct 1, 2021, 5:01 PM IST

ৰঙিয়া, 1 অক্টোবৰ : দীৰ্ঘ বিৰতিৰ অন্তত চৰকাৰৰ নিৰ্দেশনা অনুসৰি শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ নৱম শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া ৷ বহু দিনৰ বিৰতিৰ অন্তত বিদ্যলয়লৈ অহা ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট সুখী দেখা গৈছে ৷ চৰকাৰে নৱম শ্ৰেণীৰ পাঠদানৰ বাবে অনুমতি প্ৰদান কৰাৰ পাচতে চৰকাৰী নিৰ্দেশনা মানি ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই পাঠদান কাৰ্যসূচী আৰম্ভ কৰিছে ৷

ৰঙিয়াত নৱম শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ

সাত মাহৰ বিৰতিৰ অন্তত শুকুৰবাৰৰ পৰা পুনৰ পাঠদান পৰ্ব আৰম্ভ হোৱাৰ লগে লগে বিদ‍্যালয়খনৰ ছাত্র-ছাত্ৰীসকলক দুটা শাখাত বিভক্ত কৰি পাঠদান কৰা হৈছে । বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, পুৱা ৯.১৫ বজাৰ পৰা ৩.৩০ বজালৈ সম্পূৰ্ণ ৰুটিন অনুসৰি পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে । এখন বেঞ্চত দুগৰাকীকৈ ছাত্ৰ অথবা ছাত্ৰীক বহিবলৈ দিয়া হৈছে । ইয়াৰ উপৰিও মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ।

যি সকল ছাত্ৰীয়ে মাস্ক পৰিধান কৰা নাই, তেওঁলোকক বিদ্যালয়ৰ তৰফৰ পৰা মাস্ক যোগান ধৰা হৈছে বা সতৰ্কবাণী দি ওভতাই পঠিওৱা হৈছে বুলি তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষাই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, ক'ভিড-১৯ ৰ বাবে সুদীৰ্ঘ ৭ মাহে বিদ্যালয়সমূহ বন্ধ হৈ থকাত শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল ছাত্র-ছাত্ৰীসকল । বিশেষকৈ Android ম'বাইল নোহোৱাত দৰিদ্ৰ ছাত্র-ছাত্ৰীসকল অনলাইন পাঠগ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল । বহু অঞ্চলত নেটৱৰ্কৰ অসুবিধাৰ বাবেও ছাত্র-ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল । সেইসকল ছাত্র-ছাত্ৰীৰ লগতে অনলাইনত পাঠগ্ৰহণ কৰা ছাত্র-ছাত্ৰীসকলৰ বাবে নতুন শ্ৰেণীকোঠাত পুনৰ পাঠ পঢ়োৱাৰ লগতে নতুন কৌশল গ্ৰহণ কৰি সকলোকে সমানে আগুৱাই নিবলৈ প্ৰস্তুত হৈছে শিক্ষকসকল ।

লগতে পঢ়ক : বাক্সাত পাগলাদিয়া নদীৰ প্ৰাকৃতিক কৃষি বান্ধ পৰিদৰ্শন মন্ত্ৰী ইউ জি ব্ৰহ্মৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.