কমলপুৰ, 12 মাৰ্চ : সমাগত বিধানসভা নিৰ্বাচনৰ ২য় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিনা ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত মুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে । ৯ জনৰ ভিতৰত ৩ জন প্ৰাৰ্থী ৫৬ নং কমলপুৰ সমষ্টিৰ। মহাজোঁট বন্ধন, ৰাইজৰ দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীয়েও মনোনয়ন পত্ৰ দাখিল কৰে ।
কমলপুৰ সমষ্টিত মহাজোঁট বন্ধনৰ প্ৰাৰ্থী কংগ্ৰেছৰ কিশোৰ ভট্ট, ৰাইজৰ দলৰ জিতুল ডেকা আৰু নিৰ্দলীয় প্ৰাৰ্থী গিৰিন গোস্বামীয়ে মনোনয়ন দাখিল কৰে । কংগ্ৰেছৰ কিশোৰ ভট্টই দলীয় সমৰ্থকক লগত লৈ বাইক ৰেলীৰে ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হয় । কভিড প্ৰট'কল মানি অধিবক্তা আৰু এজন সমৰ্থক সহ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে ।
একেদৰে মনোনয়ন দাখিল কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী জিতুল ডেকাই ৷ ৰাইজৰ দলৰ প্ৰাৰ্থী জিতুল ডেকাই মনোনয়ন দাখিল কৰি কমলপুৰ সমষ্টিৰ ৰাইজৰ যি সমস্যা আৰু দুৰ্দশাবোৰ সমাধানত গুৰুত্ব দিব বুলি সংবাদিকৰ আগত কয় ৷
লগতে পঢ়ক: বঙাইগাঁৱত ১২ লাখ ৫০ হাজাৰ টকা জব্দ