ETV Bharat / state

HSLC question paper leak: পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ পাচতহে লাম্পীৰ পৰীক্ষাৰ্থীয়ে গম পালে পৰীক্ষা বাতিলৰ কথা - Digital India

টুইটযোগে শিক্ষা বিভাগে পৰীক্ষা বাতিল আৰু প্ৰশ্নকাকত ফাদিলৰ কথা সদৰী কৰিলেও বহু অঞ্চলৰ শিক্ষাৰ্থীয়ে অৱগত হ’ল পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ পাচতহে (HSLC exam paper leak) ৷ তেনে এক অঞ্চল হ’ল বকোৰ লাম্পী অঞ্চল ৷ অঞ্চলটোত ইণ্টাৰনেট সেৱা উপলব্ধ নোহোৱাৰ লগতে বিদ্যুৎ সংযোগ থাকিলেও অধিকাংশ সময়েই নাথাকে বিজুলী ৷

HSLC question paper leak
পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ পাচতহে লাম্পীৰ পৰীক্ষাৰ্থীয়ে গম পালে পৰীক্ষা বাতিলৰ কথা
author img

By

Published : Mar 19, 2023, 6:52 PM IST

পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ পাচতহে লাম্পীৰ পৰীক্ষাৰ্থীয়ে গম পালে পৰীক্ষা বাতিলৰ কথা

বকো, 19 মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ তাৰ সমান্তৰালভাৱে শিক্ষা বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ ইয়াৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে কামৰূপ জিলা গোৰ্খা কল্যাণ পৰিষদ (Kamrup Gorkha welfare association) ৷

উল্লেখ্য যে, মাজনিশা টুইটযোগে পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰিয়েই নিজৰ সকলো দায়িত্ব সামৰিছে শিক্ষামন্ত্ৰীকে ধৰি বিভাগীয় কৰ্তৃপক্ষই ৷ কিন্তু পৰীক্ষা বাতিল কৰাৰ কথা পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষা দিবলৈ আহিহে গম পালে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ যি অঞ্চলত বিদ্যুৎ সেৱা নাই, যি অঞ্চলত ভালদৰে ইণ্টাৰনেট সেৱা উপলব্ধ নহয়, বিপাঙত পৰিল তেনে অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল ৷ এনে পৰিস্থিতিত পৰীক্ষাৰ্থীসকল কেনে এক মানসিক চাপত ভুগিছে সেয়া তেওঁলোকৰ বাহিৰে বুজি পোৱাতো কাৰো পক্ষে সম্ভৱ নহয় (HSLC exam postpone) ৷

তেনে এক অঞ্চল হ’ল অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পী অঞ্চল ৷ উল্লেখ্য যে, বকোৰ লাম্পী অঞ্চলত নাই ম’বাইল নেটৱৰ্কৰ সুবিধা (Internet connection at Boko) ৷ বিদ্যুৎ সংযোগ আছে যদিও অধিকাংশ সময়েই নাথাকে বিদ্যুৎ ৷ যাৰবাবে 30-35 কিলোমিটাৰ নিলগৰ পৰা পুৱাই পৰীক্ষা দিবলৈ বুলি সাজু হৈ আহিছিল ছাত্ৰ-ছাত্ৰীসকল ৷ কিন্তু পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ পাচতহে জানিব পাৰিলে যে পৰীক্ষা বাতিল কৰা হৈছে ৷

এনে ক্ষেত্ৰত মানসিকভাৱে যথেষ্ট ভাগি পৰিছে পৰীক্ষাৰ্থীসকল ৷ ছাত্ৰ-ছাত্ৰীসকলৰ এই সমস্যাক কেন্দ্ৰ কৰি শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ হৈছে কামৰূপ জিলা গোৰ্খা কল্যাণ পৰিষদ ৷ শনিবাৰে অনুষ্ঠিত হোৱা 30তম বাৰ্ষিক কামৰূপ জিলা গোৰ্খা কল্যাণ পৰিষদৰ সভাত ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাৰ ওপৰত অনুষ্ঠিত হয় আলোচনা চক্ৰ ৷ গোৰ্খা কল্যাণ পৰিষদৰ 15খন আঞ্চলিক সমিতিৰ আলোচনাত দাঙি ধৰা হয় শিক্ষাৰ্থীসকলৰ সমস্যা আৰু ডিজিটেল ভাৰতৰ (Digital India) প্ৰকৃত ছবিখন ৷

মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীয়ে বেয়া কামৰ কেতিয়াও দায়িত্ব স্বীকাৰ নকৰে বুলিও অভিযোগ গোৰ্খা কল্যাণ পৰিষদৰ ৷ এই সভাত উপস্থিত থাকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা, নগৰমল স্বৰ্গীয়াৰী, সোণাৰাম ৰাভা, আদিত্য ৰাভাকে ধৰি বহু সংখ্যক লোক ৷

লগতে পঢ়ক: Bhupen Bora slams BJP: সুৰা বিক্ৰী আৰু প্ৰশ্নকাকত ফাদিলেৰে অভিলেখ কৰিছে চৰকাৰে: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.