কামৰূপ, 14 জুলাইঃ উত্তৰ গুৱাহাটী জয়গুৰুস্থিত এটা গুদামৰ ভিতৰত এদল উদণ্ড যুৱকৰ দলে হাত ভৰি বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰে দুই যুৱকক । গুদামৰ মালিক ৰাতুল সৰকাৰে ৰ'ডেৰে প্ৰহাৰ কৰাৰ অভিযোগ পৰশমনি দাস আৰু ধ্ৰুৱজ্যোতি দাসক । ৰাতুল সৰকাৰে দুই যুৱকক গুদামৰ ভিতৰলৈ মাতি নি এদল উদণ্ড যুৱকৰে মিলি চোকা অস্ত্ৰৰে প্ৰহাৰ কৰাৰ অভিযোগ দুই যুৱকৰ । উদণ্ড যুৱকৰ দলটোৰ প্ৰহাৰত গুৰুতৰ ভাৱে আহত হয় দুই যুৱক । ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰোৱাৰ পাছতে দুই যুৱকক উদ্ধাৰ কৰে আৰক্ষীয়ে ।
ইতিমধ্যে গুদামৰ মালিক ৰাতুল সৰকাৰসহ আনজন সহযোগীক আটক কৰিছে উত্তৰ গুৱাহাটী আৰক্ষীয়ে । দুই যুৱকৰ পৰিয়ালে উত্তৰ গুৱাহাটী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ ।
লগতে পঢ়কঃ কবিৰাজৰ কবলৰ পৰা উদ্ধাৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত শিশু