ৰঙিয়া, 22 ছেপ্টেম্বৰঃ ' বেটি বচাও বেটি পঢ়াও' শ্লোগান দিয়া চৰকাৰৰ দিনতেই সুৰক্ষিত নহয় নাৰী ৷ শনিবাৰে ৰঙিয়াৰ ঈদগাহ ময়দানত অনুষ্ঠিত হোৱা নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ একাদশ অসম ৰাজ্যিক সন্মিলনত উপস্থিত থাকি এই মন্তব্য কৰে সমিতিৰ সাধাৰণ সম্পাদক মৰিয়ম ধাৱালে ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সন্মিলনৰ মুকলি সভাত মৰিয়ম ধাৱালৰ লগতে উপস্থিত সভানেত্ৰী ডঃ মালিনী ভাট্টচাৰ্য ৷ ভাষণ প্ৰসংগত ডঃ মালিনী ভট্টাচাৰ্যই জম্মু কাশ্মীৰক ৰাতিটোৰ ভিতৰতে সলনি কৰাৰ সিদ্ধান্ত সঠিক নাছিল বুলি মন্তব্য কৰে । লগতে এন আৰ চিৰ নামত দুখীয়া ৰাইজক হাৰাশাস্তি কৰা হৈছে বুলিও মন্তব্য কৰে ৷ ইয়াৰোপৰি তেওঁ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক সমালোচনা কৰি কয় যে, এগৰাকী মহিলা হৈ নিৰ্মলা সীতাৰমণে দেশৰ মহিলাসকলৰ বাবে বিশেষ একো কৰিব পৰা নাই ৷
ৰঙিয়াত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সন্মিলন অনুষ্ঠিত - মৰিয়ম ধাৱাল
তিনিদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াৰ ঈদগাহ ময়দানত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ একাদশ অসম ৰাজ্যিক সন্মিলন অনুষ্ঠিত ৷
ৰঙিয়া, 22 ছেপ্টেম্বৰঃ ' বেটি বচাও বেটি পঢ়াও' শ্লোগান দিয়া চৰকাৰৰ দিনতেই সুৰক্ষিত নহয় নাৰী ৷ শনিবাৰে ৰঙিয়াৰ ঈদগাহ ময়দানত অনুষ্ঠিত হোৱা নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ একাদশ অসম ৰাজ্যিক সন্মিলনত উপস্থিত থাকি এই মন্তব্য কৰে সমিতিৰ সাধাৰণ সম্পাদক মৰিয়ম ধাৱালে ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সন্মিলনৰ মুকলি সভাত মৰিয়ম ধাৱালৰ লগতে উপস্থিত সভানেত্ৰী ডঃ মালিনী ভাট্টচাৰ্য ৷ ভাষণ প্ৰসংগত ডঃ মালিনী ভট্টাচাৰ্যই জম্মু কাশ্মীৰক ৰাতিটোৰ ভিতৰতে সলনি কৰাৰ সিদ্ধান্ত সঠিক নাছিল বুলি মন্তব্য কৰে । লগতে এন আৰ চিৰ নামত দুখীয়া ৰাইজক হাৰাশাস্তি কৰা হৈছে বুলিও মন্তব্য কৰে ৷ ইয়াৰোপৰি তেওঁ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক সমালোচনা কৰি কয় যে, এগৰাকী মহিলা হৈ নিৰ্মলা সীতাৰমণে দেশৰ মহিলাসকলৰ বাবে বিশেষ একো কৰিব পৰা নাই ৷
আনহাতে সাধাৰণ সম্পাদিকা মৰিয়ম ধাৱালেও বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰি কয় যে বেটী বচাও বেটী পঢ়াও শ্লোগান দিয়া চৰকাৰৰ দিনতে বৰ্তমান নাৰী সুৰক্ষিত নহয় বুলি মন্তব্য কৰেConclusion:বন্দনা শৰ্মা, ৰঙিয়া