গুৱাহাটী, 2 মে' : ওড়িশ্যা আৰু পশ্চিম বংগত শুকুৰবাৰে প্ৰৱেশ কৰিব ঘূৰ্ণি ধুমুহা ফেনী। ফেনীৰ তাণ্ডৱ প্ৰতি লক্ষ্য ৰাখি আজি উত্তৰ পূব সীমান্ত ৰেল বিভাগে অসমৰ পৰা যাত্ৰা কৰা দুখনকৈ ৰে'লৰ যাত্ৰা বাতিল কৰিলে।
লগতে পঢ়ক : ফেনীৰ কৱলত ভাৰতৰ পূব উপকূল , ৰেড এলাৰ্ট জাৰি
ৰে'ল যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰে'ল বিভাগে অসমৰ পৰা ওড়িশ্যা হৈ যাত্ৰা কৰা দুখনকৈ ৰে'লৰ যাত্ৰা বাতিল কৰিছে। শিলচৰৰ পৰা তিবান্দ্ৰমলৈ আৰু গুৱাহাটীৰ পৰা ছেকেন্দ্ৰাবাদলৈ যাত্ৰা কৰা দুখন ৰে'লৰ যাত্ৰা উত্তৰ পূব সীমান্ত ৰেল বিভাগে বাতিল কৰিছে।
বৃহস্পতিবাৰে দুখনকৈ ৰে'লৰ যাত্ৰা বাতিল কৰাৰ লগতে শুকুৰবাৰেও যদি ফেনীৰ প্ৰভাৱ থাকে তেন্তে শুকুৰবাৰেও অসমৰ পৰা ওড়িশ্যাৰ মাজেৰে যাত্ৰা কৰা ৰে'লৰ সেৱা বন্ধ ৰাখিব ৰে'ল বিভাগে। উত্তৰ পূব সীমান্ত ৰে'ল বিভাগে ঘূৰ্ণি ধুমুহা ফেনীৰ বাবে 6 খনকৈ ৰে'লৰ যাত্ৰা বাতিল কৰিছিল যদিও বৃহস্পতি দুখন ৰে'লৰ যাত্ৰা অব্যাহত ৰাখিছে। যাত্ৰা অব্যাহত থকা ৰে'ল দুখনৰ গতিপথ সলনি কৰিছে ৰে'ল বিভাগে।
উল্লেখ্য যে ফেনী ঘূৰ্ণি ধুমুহা ওড়িশ্যা আৰু পশ্চিম বংগৰ বাবে বিপদৰ বাৰ্তা কঢ়িয়াই আনিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি প্ৰায় 200 কি:মি: বেগেৰে ফেনী ঘূৰ্ণি ধুমুহা অহা 3 মে'ত ওড়িশ্যাৰ বংগোপ সাগৰৰ পৰা ওড়িশ্যাৰ পুৰীত প্ৰভাৱ পেলাব ।