ETV Bharat / state

মিৰ্জাত ক'ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কামৰূপৰ মিৰ্জাত স্বাস্থ্য বিভাগে নিৰ্মাণ কৰা বিশেষ ক'ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ প্ৰায় ৭৫০ জন কৰ'ণা আক্ৰান্ত লোক ৰাখিব পাৰিব এই ক'ভিড কেয়াৰ কেন্দ্ৰটোত ।

New upcoming covid care center visit Health Minister Himanta Biswa Sharma
মিৰ্জাত ক'ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : Aug 15, 2020, 8:43 PM IST

দক্ষিণ কামৰূপ,15 আগষ্টঃ ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । দৈনিক বাঢ়ি অহা কৰ'ণা ৰোগীৰ বাবে বৰ্তমান ৰাজ্যত থকা ক'ভিড চিকিৎসালয় সমুহো কম হোৱাৰ বাবে ইতিমধ্যে সমগ্ৰ জিলাতেই চৰকাৰে ক'ভিড চিকিৎসালয় স্থাপন কৰিছে ৷ ঠিক একেদৰে গুৱাহাটী আৰু দাঁতি কাষৰীয়া ঠাই সমূহতো ৰাজ্যৰ স্বাস্থ্য বিভাগে ক'ভিড কেয়াৰ চেন্টাৰ নিৰ্মাণ কৰিছে ৷

মিৰ্জাত ক'ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দক্ষিণ কামৰূপৰ মিৰ্জাত নিৰ্মাণ হৈ থকা অত্যাধুনিক ক'ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে দক্ষিণ কামৰূপৰ মিৰ্জাৰ আৰ বি হাইস্কুলৰ খেলপথাৰত স্বাস্থ্য বিভাগে নিৰ্মাণ কৰি আছে এখন বিশেষ ক'ভিড চিকিৎসালয় । উল্লেখ্য যে, প্ৰায় ৭৫০ জন কৰ'ণা আক্ৰান্ত লোক ৰাখিব পাৰিব এই চিকিৎসালয় খনত । তাৰোপৰি কৰণা ৰোগী সকলৰ বাবে বিভিন্ন সা-সুবিধাৰে নিৰ্মাণ কৰি থকা এই চিকিৎসালয়খৰ নিৰ্মান কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । চিকিৎসালয় খনৰ প্ৰত্যকটো কোঠাৰ ভিতৰতে থাকিব শৌচাগাৰ, স্নানাগাৰ, শোৱনি কোঠা । এই ক'ভিড কেয়াৰ চেন্টাৰত থাকিব ৪ ধৰণৰ কেবিন । ১খন বিচনাযুক্ত কোঠা, পতি-পত্নীৰ বাবে ২খন বিচনাযুক্ত কোঠাৰ লগতে আন পৰিয়ালৰ বাবেও ৩ খন বিচনাযুক্ত কোঠা থাকিব বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই চেন্টাৰত কামৰূপ, কামৰূপ মহানগৰ, দৰং, গোৱালপাৰা, মৰিগাঁও, নগাঁও জিলাৰ লোককো ৰখা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে । লগতে কৰ'ণা পৰীক্ষা কৰা হিচাপে পূৰ্বতকৈ কিছু হ্ৰাস পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা । আগন্তুক ৩ মাহৰ ভিতৰত দেশত প্ৰস্তুত হৈ উঠিব থলুৱা ভেকচিনো বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক- কৰ’ণাক প্ৰত্যাহ্বান জনাই ৰাজ্যজুৰি পালন স্বাধীনতা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.