ETV Bharat / international

শান্তিচুক্তিত অনুমোদন; অন্ত পৰাৰ দিশে ১৪ মাহজোৰা ইজৰাইল-হিজবুল্লাহৰ যুদ্ধ - ISRAEL HEZBOLLAH CEASEFIRE

আমেৰিকা-ফ্ৰান্সৰ মধ্যস্থতাত নেতান্যাহুৱে যুদ্ধবিৰতি চুক্তিখন দাখিল কৰাৰ পাছতে ইজৰাইলৰ নিৰাপত্তা কেবিনেটে অনুমোদন জনাইছে ৷ লেবাননৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী নাজিব মিকাটিয়ে যুদ্ধবিৰতিক আদৰণি জনায় ৷

ISRAEL HEZBOLLAH CEASEFIRE
ইজৰাইল-হিজবুল্লাহৰ শান্তিচুক্তি (AP)
author img

By AP (Associated Press)

Published : Nov 27, 2024, 10:14 AM IST

জেৰুজালেম: ইজৰাইলে মঙলবাৰে লেবাননৰ হিজবুল্লাহ সন্ত্ৰাসবাদীৰ সৈতে যুদ্ধবিৰতি চুক্তিত অনুমোদন জনায়, যাৰ ফলত গাজা ষ্ট্ৰিপ চলি থকা প্ৰায় ১৪ মাহজোৰা যুদ্ধৰ অন্ত পৰিব । স্থানীয় সময় অনুসৰি বুধবাৰে পুৱা ৪ বজাৰ পৰা আৰম্ভ হ’বলগীয়া যুদ্ধবিৰতিয়ে ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলত হামাছৰ আক্ৰমণৰ ফলত উদ্ভৱ হোৱা অঞ্চলব্যাপী অশান্তিৰ অন্ত পেলোৱাৰ দিশত প্ৰথমটো ডাঙৰ পদক্ষেপ হিচাপে কাম কৰিব । কিন্তু ইয়াত গাজাৰ বিধ্বংসী যুদ্ধৰ বিষয়ে কোৱা হোৱা নাই, য’ত হামাছে এতিয়াও কেইবা ডজনো লোকক পণবন্দী কৰি ৰাখিছে ।

হিজবুল্লাহৰ সৈতে যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ কেইঘণ্টামান পূৰ্বে ইজৰাইলে সংঘাত আৰম্ভ হোৱাৰ পিছত বেইৰুট আৰু ইয়াৰ দক্ষিণ উপকণ্ঠ অঞ্চলত আটাইতকৈ তীব্ৰ আক্ৰমণ চলাইছিল আৰু অভিলেখ সংখ্যক লোকক আঁতৰি যাবলৈ সতৰ্কবাণী জাৰি কৰিছিল । স্থানীয় কৰ্তৃপক্ষৰ তথ্য অনুসৰি সমগ্ৰ দেশত সংঘটিত আক্ৰমণত কমেও ৪২ জন লোক নিহত হৈছে ।

যুদ্ধবিৰতি ঘোষণাৰ কিছু সময়ৰ পাছতে বেইৰুটত আন এক বৃহৎ বিমান আক্ৰমণে জোকাৰি যায় । আত্মীয়ৰ সৈতে চহৰখনৰ সাগৰৰ পাৰলৈ পলায়ন কৰা আহমদ খাটিবে কয় যে শেষৰ পৰ্যায়বোৰ আটাইতকৈ ভয়ংকৰ হৈ পৰিছে ।

সন্ত্ৰাসবাদীয়ে চুক্তিখন উলংঘা কৰা বুলি প্ৰমাণিত হ’লে ইজৰাইলে হিজবুল্লাহক পুনৰ আক্ৰমণ কৰাৰ অধিকাৰ পাব নেকি ? সেই সন্দৰ্ভত দীৰ্ঘদিনীয়া মতানৈক্য থকা যেন দেখা গৈছে, যিটো প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এই চুক্তিৰ অংশ বুলি জোৰ দিছিল যদিও লেবানন আৰু হিজবুল্লাহৰ বিষয়াসকলে নাকচ কৰিছে ।

আমেৰিকা-ফ্ৰান্সৰ মধ্যস্থতাত নেতান্যাহুৱে যুদ্ধবিৰতি চুক্তিখন দাখিল কৰাৰ পাছতে ইজৰাইলৰ নিৰাপত্তা কেবিনেটে অনুমোদন জনাইছে বুলি তেওঁৰ কাৰ্যালয়ে জনায় । ৱাশ্বিংটনত ভাষণ দি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই চুক্তিক “ভাল খবৰ” বুলি অভিহিত কৰি কয় যে গাজাত যুদ্ধবিৰতিৰ বাবে নতুন প্ৰচেষ্টা চলাব ৷

বাইডেন প্ৰশাসনে এই বছৰৰ বেছিভাগ সময় গাজাত যুদ্ধবিৰতি আৰু পণবন্দীৰ মুক্তিৰ মধ্যস্থতাকাৰী হিচাপে কটায় যদিও বাৰে বাৰে আলোচনা স্তব্ধ হৈ পৰে । তেনেদৰে নক’লেও মধ্যপ্ৰাচ্যত শান্তি অনাৰ প্ৰতিশ্ৰুতি দিছে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ।

তথাপিও লেবাননত যুদ্ধ বন্ধ হ’লে ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধৰ আশংকা হ্ৰাস পোৱাৰো সম্ভাৱনা আছে, যিয়ে হিজবুল্লাহ আৰু হামাছ দুয়োটাকে সমৰ্থন কৰে আৰু চলিত বৰ্ষৰ আৰম্ভণিতে দুবাৰকৈ ইজৰাইলৰ সৈতে প্ৰত্যক্ষ আক্ৰমণ কৰিছিল ।

ইজৰাইলে কয় যে হিজবুল্লাই যুদ্ধবিৰতি ভংগ কৰিলে ‘শক্তিৰে আক্ৰমণ’ কৰিব ৷

টেলিভিছনৰ ভাষণৰ পাছত নেতান্যাহুৱে কেবিনেট মন্ত্ৰীসকলৰ সন্মুখত যুদ্ধবিৰতিৰ প্ৰস্তাৱ দাখিল কৰে, য’ত তেওঁ সমগ্ৰ অঞ্চলটোত ইজৰাইলৰ শত্ৰুৰ বিৰুদ্ধে সাফল্যৰ তালিকা প্ৰস্তুত কৰে । তেওঁ কয় যে হিজবুল্লাহৰ সৈতে যুদ্ধবিৰতিৰ ফলত গাজাত হামাছক আৰু অধিক পৃথক কৰা হ’ব আৰু ইজৰাইলে নিজৰ মূল শত্ৰু ইৰাণৰ ওপৰত গুৰুত্ব দিব পাৰিব । ‘‘হিজবুল্লাই যদি চুক্তি ভংগ কৰি পুনৰ অস্ত্ৰ-শস্ত্ৰ তুলি লোৱাৰ চেষ্টা কৰে তেন্তে আমি শক্তিৰে আক্ৰমণ কৰিম’’ বুলিও কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: ইৰাণৰ ওপৰত ইজৰাইলৰ বৃহৎ আক্ৰমণ, তেহৰাণৰ সামৰিক ঘাটিসমূহত বোমাবর্ষণ

যুদ্ধবিৰতি চুক্তিত প্ৰাৰম্ভিকভাৱে দুমাহৰ বাবে যুদ্ধ বন্ধ কৰাৰ আহ্বান জনোৱা হৈছে আৰু ইয়াৰ বাবে হিজবুল্লাই দক্ষিণ লেবাননৰ এক বহল অঞ্চলত নিজৰ সশস্ত্ৰ স্থিতি প্ৰত্যাহাৰ লাগিব ৷ আনহাতে ইজৰাইলী সৈন্যই সীমান্তৰ পৰা নিজৰ ফালে ঘূৰি আহিব । দক্ষিণত হাজাৰ হাজাৰ অতিৰিক্ত লেবানন সৈন্য আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনী নিয়োজিত হ’ব আৰু আমেৰিকাৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় পেনেলে এই নিয়ম মানি চলাৰ ওপৰত নজৰ ৰাখিব ।

বাইডেনে কয় যে যদিহে হিজবুল্লাই যুদ্ধবিৰতিৰ চৰ্ত ভংগ কৰে তেন্তে ইজৰাইলে লেবাননত দ্ৰুতভাৱে কাৰ্যকলাপ পুনৰ আৰম্ভ কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে যদিও এই চুক্তিখন “শত্ৰুতা স্থায়ীভাৱে বন্ধ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে”।

নেতান্যাহুৰ কাৰ্যালয়ে কয় যে ইজৰাইলে এই চুক্তিখন সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ প্ৰচেষ্টাক শলাগ লৈছে যদিও “নিজৰ নিৰাপত্তাৰ প্ৰতি অহা প্ৰতিটো ভাবুকিৰ বিৰুদ্ধে কাম কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে ।”

লেবাননৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী নাজিব মিকাটিয়ে যুদ্ধবিৰতিক আদৰণি জনাই ইয়াক স্থিতিশীলতা আৰু স্থানচ্যুত লোকৰ উভতি অহাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে ।

হিজবুল্লাই এই প্ৰস্তাৱ গ্ৰহণ কৰা বুলি কয় যদিও গোটটোৰ এজন জ্যেষ্ঠ বিষয়াই মঙলবাৰে কয় যে তেওঁলোকে এই চুক্তিখন চূড়ান্ত ৰূপত দেখা নাই ।

হিজবুল্লাহৰ ৰাজনৈতিক পৰিষদৰ উপ-সভাপতি মাহমুদ কামতীয়ে আল জাজিৰা নিউজ নেটৱৰ্কক জনাইছে- ‘‘শত্ৰু চৰকাৰে স্বাক্ষৰিত চুক্তিখন পৰ্যালোচনা কৰাৰ পাছত আমি চাম যে আমি যি উল্লেখ কৰিছো আৰু লেবাননৰ বিষয়াসকলে যি চুক্তিত উপনীত হৈছে তাৰ মাজত মিল আছে নে নাই ৷’’

ইজৰাইলৰ কাৰ্যৰ স্বাধীনতাৰ দাবীৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘‘আমি অৱশ্যেই আগ্ৰাসনৰ অন্ত বিচাৰো, কিন্তু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ মূল্যত নহয় । যিকোনোধৰণৰ সাৰ্বভৌমত্বৰ উলংঘা নাকচ কৰা হ’ব ।’’

লগতে পঢ়ক: লেবাননত ইজৰাইলৰ আক্ৰমণ; হিজবুল্লাহৰ মিডিয়া প্ৰমুখকে ধৰি ১১ জন নিহত, বহু আহত

আনকি যোৱা কিছুদিনত যুদ্ধবিৰতিৰ প্ৰচেষ্টাই গতি লাভ কৰাৰ সময়তো ইজৰাইলে সমগ্ৰ লেবাননত হিজবুল্লাহ বুলি দাবী কৰা লক্ষ্যত আক্ৰমণ অব্যাহত ৰাখিছিল আৰু সন্ত্ৰাসবাদীয়ে সীমান্তৰ সিপাৰে ৰকেট, মিছাইল আৰু ড্ৰ’ন নিক্ষেপ কৰিছিল ।

মঙলবাৰে ইজৰাইলৰ আক্ৰমণে মধ্য বেইৰুটৰ এটা আৱাসিক ভৱন ধ্বংস কৰি পেলায় ৷ যোৱা কিছুদিনত দ্বিতীয়বাৰৰ বাবে যুদ্ধবিমানে ডাউনটাউনৰ ওচৰৰ জনবহুল অঞ্চলত আঘাত হানে । লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কমেও ৭ জন লোক নিহত আৰু ৩৭ জন আহত হৈছে এই আক্ৰমণত ।

বেইৰুটৰ ব্যস্ত বাণিজ্যিক জিলা হামৰাতো ইজৰাইলে প্ৰথমবাৰৰ বাবে লেবাননৰ কেন্দ্ৰীয় বেংকৰ পৰা প্ৰায় ৪০০ মিটাৰ (গজ) দূৰত্বৰ এটা অট্টালিকাত আঘাত হানে । কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই ।

লেবাননৰ স্বাস্থ্য বিষয়াসকলে জনোৱা মতে, বিগত ১৩ মাহত লেবাননত ইজৰাইলৰ আক্ৰমণত ৩৭৬০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছে, ইয়াৰে বহুতেই সাধাৰণ নাগৰিক । এই বোমা বিস্ফোৰণৰ ফলত ১২ লাখ লোক গৃহহাৰা হৈছে । ইজৰাইলে কয় যে তেওঁলোকে হিজবুল্লাহৰ ২০০০ ৰো অধিক সদস্যক হত্যা কৰিছে ।

হিজবুল্লাহৰ গুলীত দেশখনৰ উত্তৰ অংশত প্ৰায় ৫০ হাজাৰ ইজৰাইলী লোক স্থানচ্যুত হৈছে আৰু ইয়াৰ ৰকেট ইজৰাইলৰ দক্ষিণ দিশলৈ তেল আভিভলৈকে গৈছে । কমেও ৭৫ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে আধাতকৈ অধিক সাধাৰণ নাগৰিক । লেবাননত স্থল আক্ৰমণত মৃত্যু হৈছে ৫০ জনতকৈ অধিক ইজৰাইল জোৱানৰ ।

লগতে পঢ়ক: ইজৰাইলৰ আক্ৰমণ : লেবাননৰ ৰাজধানী বেইৰুটত ২৯ জন নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.