ETV Bharat / state

বঙৰাস্থিত পতঞ্জলী কেন্দ্ৰলৈ কিয় গৈছিল মন্ত্ৰী ড° হিমন্ত বিশ্ব ?

author img

By

Published : Jun 27, 2020, 7:52 PM IST

ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি হোৱা ক'ভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যাৰ বিপৰীতে হ্ৰাস পাইছে ক'ৰণাৰ চিকিৎসাৰ বাবে নিৰ্মিত চিকিৎসালয়ৰ সংখ্যা । ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে অন্যান্য স্থানসমূহতো ক'ভিড চিকিৎসালয় স্থাপনৰ বাবে স্থানৰ সন্ধানত ব্যস্ত হ'ব লগা হৈছে । ইয়াৰ মাজতে দক্ষিণ কামৰূপৰ বঙৰাস্থিত পতঞ্জলী কোৱাৰেণ্টাইন কেন্দ্ৰটোকো ক'ভিড চিকিৎসালয়লৈ ৰূপন্তৰিত কৰাৰ কথা ব্যক্ত কৰিলে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

New covid 19 hospital at bongara
বঙৰাস্থিত পতঞ্জলী কেন্দ্ৰলৈ কিয় গৈছিল মন্ত্ৰী ড° হিমন্ত বিশ্ব ?

আজাৰা,২৭জুন: উদ্বেগজনকভাৱে ৰাজ্যত বৃদ্ধি পাইছে ক'ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা । বৃদ্ধি পোৱা এই ৰোগীৰ সংখ্যাৰ তুলনাত মহানগৰীৰ লগতে ৰাজ্যখনত অভাৱ ঘটিছে ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে থাকিব লগা চিকিৎসালয়ৰ সংখ্যাৰ । শেহতীয়াকৈ কেৱল মহানগৰীতে অভাৱনীয় হাৰত চিনাক্ত হৈছে ক'ভিড-১৯ পজিটিভ ৰোগী । এনে এক জটিল সময়ত ৰোগীৰ চিকিৎসাৰ সু-ব্যৱস্থা কৰাৰ সমান্তৰালকৈ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন ক'ভিড চিকিৎসালয় স্থাপনৰ বাবে স্থানৰ সন্ধানত নামিছে ।

ইয়াৰ মাজতে দক্ষিণ কামৰূপৰ বঙৰাস্থিত পটনঞ্জলী কোৱাৰেণ্টাইন কেন্দ্ৰত শনিবাৰে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী গৰাকী । দিনৰ ভাগতে উপস্থিত হোৱা মন্ত্ৰীগৰকীয়ে পতঞ্জলী কোৱাৰেণ্টাইন কেন্দ্ৰটোত ২৫০গৰাকী কৰ'ণা আক্ৰান্ত ৰোগী থাকিব পৰা ব্যৱস্থাৰে দুদিনৰ ভিতৰত ক'ভিড চিকিৎসালয়লৈ ৰূপান্তৰিত কৰি তুলা হ'ব বুলি জানিবলৈ দিলে । যিদৰে মহানগৰীত ক'ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা অভাবনীয় হাৰত বৃদ্ধি পাইছে, তাৰ তুলনাত ৰাজ্যৰ অন্যান্য জিলাসমূহত বৃদ্ধি হোৱা নাই যদিওঁ ক'ভিড নিয়ন্ত্ৰনৰ বাবে ৰাজ্যত লকডাউন সম্পৰ্কত বিবেচনা কৰিব বুলিও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে, মহানগৰীত সম্পূৰ্ণ লকডাউন ঘোষণাৰ পাছতে একাংশ অসাধু ব্যৱসায়ীয়ে ইয়াৰ সুবিধা লৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মুল্যবৃদ্ধি কৰাক লৈ উদ্বেগ প্ৰকাশ কৰি মহানগৰ জিলা প্ৰশাসনৰ জড়িয়তে শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণৰো আশ্বাস দিলে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

বহিৰাজ্যৰ পৰা অসমলৈ অহা ৰেল আৰু বিমানযাত্ৰীৰ সংখ্যা পূৰ্বৰ দিনসমূহৰ তুলনাত হ্ৰাস পোৱাত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যাওঁ কমি আহিব বুলি মন্তব্য কৰিলে মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.