ETV Bharat / state

তথ্য আৰু জনসংযোগ বিভাগৰ নতুন সংযোজন "জনসংযোগ বাতৰি"

শুকুৰবাৰে জনতা ভৱনৰ নিজ কাৰ্যালয়ত "জনসংযোগ বাতৰি" নামেৰে এখন অডিঅ' নিউজ বুলেটিন উন্মোচন কৰা হয় ৷ ৰাজ্যৰ 1600 টা স্থানত থকা এফ এল এছ(FLS) চিষ্টেম যোগে সপ্তাহৰ তিনি দিন পুৱা 9.30 বজাত আৰু সন্ধিয়া 6.30 বজাত এটা নিউজ বুলেটিন সম্প্ৰচাৰ হ'ব ৷ নতুনকৈ 700 টা স্থানত কৰা হ'ব এফ এল এছ ব্যৱস্থা ৷

author img

By

Published : Jul 2, 2021, 8:40 PM IST

new-addition-to-information-and-public-relations-department-pr-news
তথ্য আৰু জনসংযোগ বিভাগৰ নতুন সংযোজন "জনসংযোগ বাতৰি"

গুৱাহাটী, 2 জুন : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ ইয়াৰ মাজতে জনসাধাৰণৰ মাজলৈ চৰকাৰী তথ্য তথা সিদ্ধান্ত সমূহ আগবঢ়াই দিয়াৰ উদ্দেশ্যে তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা শুকুৰবাৰে উন্মোচন কৰা হয় "জনসংযোগ বাতৰি" নামেৰে এক অডিঅ' নিউজ বুলেটিন ৷ জনতা ভৱনৰ নিজ কাৰ্যালয়ত এই নিউজ বুলেটিন আনুষ্ঠানিকভাৱে উন্মোচন কৰে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ এই উপলক্ষে আয়োজন কৰা এখন সংবাদমেলত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি, তথ্য আৰু জনসংযোগ বিভাগে মাইক যোগে বিভিন্ন আঁচনিৰ কথা জনাবলৈ ৰাজ্যৰ 1600 টা স্থানত এফ এল এছ(FLS) চিষ্টেম আছে ৷ বিশেষকৈ নগৰ অঞ্চল আৰু চাহ বাগান অঞ্চলত এই ব্যৱস্থা আছে ৷ চৰকাৰে আৰু 700 টা স্থানত এই এফ এল এছ(FLS) ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ কাম হাতত লৈছে ৷ 2 জুলাই দিনটোৰ পৰা এই ব্যৱস্থাটোত "জনসংযোগ বাতৰি" নামেৰে এক অডিঅ' নিউজ বুলেটিন নতুন বিষয়ৰ সংযোজন কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

মন্ত্ৰী গৰাকীয়ে জনোৱা মতে, প্ৰাৰম্ভিক পৰ্যায়ত সপ্তাহৰ তিনি দিন পুৱা 9.30 বজাত আৰু সন্ধিয়া 6.30 বজাত এটা নিউজ বুলেটিন সম্প্ৰচাৰ হ'ব ৷ লগতে ভৱিষ্যতে প্ৰত্যেকদিনাই নিউজ বুলেটিন প্ৰচাৰ কৰা হ'ব ৷ এফ এল এছ ব্যৱস্থাটোক অধিক সক্ৰিয় কৰাৰ বাবে এই উদ্যোগ গ্ৰহণ কৰা হৈছে ৷ সত্যনিষ্ঠ আৰু নিৰপেক্ষ বাতৰি পৰিবেশন কৰাৰ বাবে ইতিমধ্যেই বিভাগক নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

লগতে ভুল বাতৰি পৰিবেশন হ'লে ৰাইজক আঙুলিয়াই দিয়াৰ বাবে অনুৰোধ জনাই মন্ত্ৰী গৰাকীয়ে ৷ তেওঁ কয় যে এই ব্যৱস্থাৰ যোগেদি চৰকাৰী আঁচনিসমূহৰ বিষয়েও ৰাইজক অৱগত কৰোৱাৰ ব্যৱস্থা কৰা হ'ব ৷ সংবাদমেলত উপস্থিত আছিল তথ্য আৰু জনসংযোগ বিভাগৰ কেইবাগৰাকী বিষয়া ৷

লগতে পঢ়কঃ চুকাফা সমন্বয় ক্ষেত্ৰত ৰাইজৰ দলৰ নেতা অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.