ETV Bharat / state

মুৰ্ছিদাবাদত পৰিয়ালসহ আৰএছএছ কৰ্মীক হত্যাৰ প্ৰতিবাদত নামনি অসমত ৰাষ্ট্ৰীয় বজৰং দলৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Oct 16, 2019, 3:54 AM IST

পশ্চিমবংগৰ মুৰ্ছিদাবাদত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কৰ্মীসহ পৰিয়ালৰ হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী আৰু ৰঙিয়াৰ ৰাষ্ট্ৰীয় বজৰং দল তথা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ কৰ্মকৰ্তাসকলে ৷

আৰএছএছ কৰ্মীক হত্যাৰ প্ৰতিবাদত নামনি অসমত ৰাষ্ট্ৰীয় বজৰং দলৰ উত্তাল প্ৰতিবাদ

নিউজ ডেস্ক,16 অক্টোবৰঃ পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মীসহ পৰিয়ালৰ নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত মঙলবাৰে ৰাজ্যৰ বিশেষকৈ ধুবুৰীৰ গোলকগঞ্জ, বিলাসীপাৰা আৰু বাইহাটা চাৰিআলিত ৰাষ্ট্ৰীয় বজৰং দল আৰু আন্তঃ ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সদস্য তথা কৰ্মকৰ্তাসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ কিছুদিন পূৰ্বে মুৰ্ছিদাবাদ জিলাৰ জিয়াগঞ্জত এজন ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ লগতে তেখেতৰ গৰ্ভৱতী পত্নী আৰু আঠ বছৰীয়া শিশুক সন্দেহযুক্ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰাৰ প্ৰতিবাদত গোলকগঞ্জত দুয়োটা দলৰ কৰ্মকৰ্তাসকলে একগোট হৈ ঘটনাত জড়িত থকা সন্দেহযুক্ত জেহাদীৰ পুত্তলিকা দাহ কৰে । বিক্ষোভকাৰীসকলে জেহাদী হুচিয়াৰ ,আৰ এছ এছ পৰিয়ালক হত্যাকাৰী জেহাদীবোৰক শীঘ্ৰেই কৰায়ত্ত কৰি ফাঁচী দিয়ক , হিন্দুৰ ওপৰত অত্যাচাৰ নচলিব , ৰাষ্ট্ৰীয় বজৰং দল জিন্দাবাদ , আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ জিন্দাবাদ , জয় শ্রী ৰাম ইত্যাদি শ্লগানেৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বিলাসীপাৰাতো আৰএছএছ কৰ্মী বন্ধু প্ৰকাশ পালৰ পৰিয়ালক দুষ্কৃতিকাৰীয়ে নৃশংস ভাবে হত্যা কৰাৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় বজৰং দলৰ বিলাসীপাৰা প্ৰখণ্ডৰ নেতৃত্বত মূল পথত প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷ চহৰখনৰ গান্ধী চ'কত বিক্ষোভকাৰীসকলে জেহাদীৰ প্ৰতিমূৰ্ত্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

আনহাতে বাইহাটা চাৰিআলিত আন্তঃ ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ ৰঙিয়া জিলাৰ নেতৃত্বত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী । ৰাষ্ট্ৰীয় বজৰংগ দলৰ কাৰ্যকৰ্তাসকলে এক প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে বাইহাটা চাৰিালি-মঙলদৈ পথত জেহাদীৰ প্ৰতিকৃতি দাহ কৰে ।

আৰু পঢ়ক

Intro:বিলাসীপাৰাত মঙ্গলবাৰে ৰাষ্ট্ৰীয় বজৰং দলৰ তীব্ৰ প্ৰতিবাদ |
পশ্চিম বংগ ৰাজ্যৰ মুৰ্সিবাদত RSS (ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ) ৰ কৰ্মীৰ পৰিয়ালক হত্যা কৰাত সাব্যস্ত এই প্ৰতিবাদ |
৮ অক্টোবৰত RSS কৰ্মী বন্ধু প্ৰাকাশ পালৰ পৰিয়ালক দুষ্কৃতিকাৰীয়ে নৃশংস ভাবে হত্যা কৰাত জাঙুৰ খাই উঠে ৰাষ্ট্ৰীয় বজৰং দল |
ৰাষ্ট্ৰীয় বজৰং দলৰ বিলাসীপাৰা প্ৰখণ্ডৰ নেতৃত্বত মুল পথত প্ৰতিবাদী সমদল | Body:বিলাসীপাৰা চহৰৰ গান্ধী চকত জেহাদীৰ প্ৰতিমুত্তি দাহ |
RSS ৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ খনে বন্ধু পালৰ পৰিয়ালক হত্যা কৰা হত্যাকাৰীৰ শুংসুত্ৰ উলায়াব নোৱাৰা বিষয়টি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে প্ৰতিবাদকাৰী সকল |
অতি শীঘ্ৰে হত্যাকাৰীক আটক কৰি দৃষ্টান্ত মূলক শাস্তি প্ৰদানৰ দাবী তুলিছে প্ৰতিবাদী নেতা কৰ্মী সকলে |Conclusion:Byte - প্ৰতিবাদকাৰী
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.