গুৱাহাটী,6 জুন: ক’ভিড আতংকৰ মাজতে এটি সুখবৰ । ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়া(Dr. Dibyajyoti Saikia)ক দেশৰ আগশাৰীৰ সন্মানীয় ৰাষ্ট্ৰীয় গৌৰৱ বঁটা সমিতিয়ে ডিজিটেল মাধ্যম জৰিয়তে সন্মানীয় "ৰাষ্ট্ৰীয় গৌৰৱ বঁটা" আগবঢ়াইছে ৷ সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰা তথা বিভিন্ন ক্ষেত্ৰলৈ উৎকৃষ্ট সেৱা-অৱদান আগবঢ়োৱা বিশেষ দহজন ব্যক্তিক উক্ত সন্মানীয় বঁটা প্ৰদান কৰা হৈছে । সমাজসেৱা, শিক্ষা, স্বাস্থ্য আৰু উদ্যোগ আদি শিতানত এই বঁটা প্ৰদান কৰা হয় ৷
উল্লেখ্য যে, ড৹ দিব্যজ্যোতি শইকীয়াক সমাজসেৱাৰ শিতানত এই বঁটাৰে সন্মানিত কৰা হৈছে । বহুকেইটা ৰাষ্ট্ৰীয় সংগঠনৰ মুৰব্বীৰ পদ অলংকৃত কৰা ড৹ দিব্যজ্যোতি শইকীয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা এই বঁটা প্ৰাপ্ত একমাত্ৰ ব্যক্তি । ড৹ শইকীয়াই দীৰ্ঘদিনৰে পৰা শান্তি, মানৱতা, মানৱ অধিকাৰ আৰু সামাজিক কাৰ্যৰে ৰাষ্ট্ৰ তথা মানৱ সমাজলৈ আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে ইতিমধ্যে প্ৰায় ৭০ টাৰো অধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আৰু ১০ টাৰো অধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।
ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ব সংবিধান সংসদ সংস্থাৰ পৰা শ্ৰেষ্ঠ সমাজ সেৱাৰ বঁটা, মৌলানা আজাদ ৰাষ্ট্ৰীয় বঁটা, বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা, ডঃ ভূপেন হাজৰিকা শান্তি বঁটা, চাকচ্ছেছ ইণ্ডিয়া এচিভাৰ্ছ আইকন এৱাৰ্ড(Success India Achievers Icon Award), ইণ্টাৰনেশ্যনেল গান্ধী পিছ এৱাৰ্ড(International Gandhi Peace Award) আদি উল্লেখযোগ্য ।
"THE ASSAM WITCH HUNTING PPP ACT-2015" ৰ অৰ্থাৎ অসমত অন্ধবিশ্বাস বিৰোধী তথা ডাইনী কাণ্ড ৰোধৰ বাবে প্ৰণয়ন হোৱা আইনৰ প্ৰধান দাবীদাৰ ড৹ দিব্যজ্যোতি শইকীয়াৰ লগতে এইবেলি মহাৰাষ্ট্ৰৰ প্ৰখ্যাত সমাজকৰ্মী পদ্মশ্ৰী ড৹ অম্বৰীশ বিজয়কৰকো উক্ত বঁটাৰে সন্মানিত কৰা হৈছে ।
লগতে পঢ়ক: যমুনামুখত ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়ক চিৰাজ উদ্দিন আজমলে