ETV Bharat / state

বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পলাশবাৰী; উত্তেজিত ৰাইজে লণ্ডভণ্ড কৰে স্বামী গৃহ - প্ৰতিবাদ সাব্যস্ত

বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পলাশবাৰী আৰক্ষী থানা । পলাশবাৰীৰ কান্দুপুৰত এগৰাকী বোৱাৰীৰ ৰহস্য জনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি । স্বামী গৃহ লণ্ডভণ্ড কৰি, জ্বলাই দিলে উত্তেজিত ৰাইজে ।

উত্তেজিত ৰাইজে লণ্ডভণ্ড কৰে স্বামী গৃহ
author img

By

Published : Aug 21, 2019, 5:33 PM IST

কামৰূপ,21আগষ্টঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে নাৰী নিৰ্যাতনৰ ঘটনা ৷ দক্ষিণ কামৰূপৰ পলাশবাৰীৰ কান্দুপুৰত এগৰাকী বোৱাৰীক হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে স্বামীগৃহৰ পৰিয়ালৰ বিৰুদ্ধে । মহিলাগৰাকীৰ স্বামী পলাশবাৰীৰ কান্দুপুৰ নিবাসী কৃষ্ণ দাস আৰু ভগ্নী পবিতা দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলিছে পৰিয়াল তথা স্থানীয় লোকে । অভিযোগ অনুযায়ী বিবাহৰ পিছৰে পৰা স্বামী কৃষ্ণ দাসৰ অকথ্য নিৰ্যাতনৰ বলি হৈ আহিছিল কবিতা বৰুৱা । স্বামীৰ শাৰীৰিক মানসিক অত্যাচাৰ সহিব নোৱাৰি বহুবাৰ স্বামীগৃহ ত্যাগ কৰি আহিছিল কবিতাই । কিন্তু সন্তান তিনিটাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি উভতি গৈছিল স্বামী গৃহলৈ । কিন্তু মঙলবাৰে নিশা কবিতাৰ আকস্মিক মৃত্যু ঘটে ।

বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পলাশবাৰী

ইপিনে কবিতাৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ তুলি পৰিয়ালৰ লোকে ইতিমধ্যে স্বামী কৃষ্ণ দাস আৰু ভগ্নী পপিতা দাসৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । আনহাতে বুধবাৰে উত্তেজিত ৰাইজে পলাশবাৰী আৰক্ষী থানা ঘেৰাও কৰাৰ লগতে স্বামী কৃষ্ণ দাসৰ গৃহ লণ্ডভণ্ড কৰি চোতালতে সামগ্ৰী সমূহ জ্বলাই দি প্ৰতিবাদ সাব্যস্ত কৰে । পিছত ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ীয়ে অগ্নি নিৰ্বাপন কৰে । লগতে অভিযুক্ত কৃষ্ণ দাস আৰু কৃষ্ণৰ ভনীয়ে পপিতা দাসক পলাশবাৰী আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰে ।

Intro:বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি পলাশবাৰী আৰক্ষী থানাত । পলাশবাৰীৰ কান্দুপুৰত এগৰাকী বোৱাৰী ৰহস্য জনক ভাবে মৃত্যু হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি ।স্বামীৰ গৃহ লণ্ড ভণ্ড কৰি জ্বলাই দিলে উত্তেজিত ৰাইজে ।

Body:Vo…এটা গৃহৰ চোতালত দপ-দপে জ্বলি আছে এখোৰা জুই । জ্বলিছে টিভি,আলমিৰাকে ধৰি বিভিন্ন আচবাব । বাহিৰত উত্তেজিত জনতা । ৰাজ্য ক্ৰমে বৃদ্ধি পাইছে বোৱাৰী নিৰ্যাতনৰ দৰে অমানৱীয় ঘটনা । এইবাৰ দক্ষিণ কামৰূপৰ পলাশবাৰীৰ কান্দুপৰত এগৰাকী বোৱাৰীক হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ । ছোৱালীৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি তিনি সন্তানৰ মাতৃ কবিতা বৰুৱাৰ মৃত্যু এক পৰিকল্পিত হত্যা কাণ্ড । কবিতাৰ স্বামী পলাশবাৰীৰ কান্দুপুৰ নিবাসী কৃষ্ণ দাস আৰু কৃষ্ণ দাসৰ ভগ্নী পবিতা দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলিছে পৰিয়াল তথা স্থানীয় লোকে । পৰিয়ালৰ লোকৰ ভাষ্য অনুযায়ী বিবাহৰ পিছৰে পৰা স্বামী কৃষ্ণ দাসৰ অকথ্য নিৰ্যাতনৰ বলি হৈ আহিছিল কবিতা বৰুৱা । স্বামীৰ শাৰীৰিক মানসিক অত্যাচাৰ সহিব নোৱাৰি বহুবাৰ স্বামীগৃহ ত্যাগ কৰি আহিছিল কবিতাই ।পিছত সন্তান তিনিটাৰ বাবে এক সুখৰ সংসাৰ কৰাৰ নিমিত্তে উভতি গৈছিল স্বামী গৃহলৈ । কিন্তু যোৱা নিশা কবিতাৰ আকস্মিক মৃত্যুক ঘটে । এই মৃত্যক সহজ ভাবে লব পৰা নাই পৰিয়ালৰ লোকে যাৰ বাবে পৰিয়ালৰ লোকে কৃষ্ণ দাস আৰু ভনী পপিতা দাসৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে ।

Bite .

উত্তেজিত ৰাইজে পলাশবাৰী আৰক্ষী থানা ঘেৰাও কৰাৰ লগতে স্বামী কৃষ্ণ দাসৰ গৃহ লণ্ড ভণ্ড কৰি চোতালতে সামগ্ৰী সমূহ জ্বলাই দি সাব্যস্ত কৰে প্ৰতিবাদ । পিছত ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাৰীয়ে অগ্নি নিৰ্বাপন কৰে । আনহাতে অভিযুক্ত কৃষ্ণ দাস আৰু কৃষ্ণৰ ভনীয়ে পপিতা দাসক পলাশবাৰী আৰক্ষীয়ে সোধা পোছৰ বাবে আটক কৰে ।

Bite2..OC mirza

Conclusion:ঘটনাস্থলিত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে পলাশবাৰী আৰক্ষী থানাত 366/19ত ৰুজু হৈছে এক গোচৰো ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.