ETV Bharat / state

কংগ্ৰেছৰ কোনো কাৰ্যসূচী নাই বুলি কটাক্ষ সাংসদৰ

কংগ্ৰেছে যদি শক্তিশালী হ'ব লাগে নিজেই হ'ব লাগিব বুলি মন্তব্য় ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ (MP Bhubaneswar Kalita in Rangia)। কংগ্ৰেছ দল দুৰ্বল হৈ যোৱাটো কোনেও নিবিচাৰে বুলি মন্তব্য সাংসদগৰাকীৰ ।

author img

By

Published : Oct 5, 2022, 2:17 PM IST

MP Bhubaneswar Kalita comment on Congress
কংগ্ৰেছৰ কোনো কাৰ্যসূচী নাই বুলি কটাক্ষ সাংসদৰ

ৰঙিয়া, ৫অক্টোবৰ: মহানৱমীৰ নিশা ৰঙিয়াত উপস্থিত হৈ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে (MP Bhubaneswar Kalita comment on Congress) । ইয়াৰ মাজতেই তেওঁ কংগ্ৰেছ দলক সবল কৰাৰ বাবে কেইবাটাও টিপছ্ আগবঢ়ালে । সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে কোনেও নিবিচাৰে কংগ্ৰেছ দল দুৰ্বল হৈ যাওঁক । কংগ্ৰেছে যদি শক্তিশালী হ'ব লাগে নিজেই শক্তিশালী হ'ব লাগিব । কংগ্ৰেছ যদি এই দুৰ্বলতাৰ পৰা ওলাই আহিব লাগে তেওঁলোক অধিক সক্ৰিয় হ’ব লাগিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।

সাংসদ ভুৱনেশ্বৰ কলিতাই পুনৰ প্ৰশ্ন কৰে যে কংগ্ৰেছ দলে নেতাসকলক তথা কৰ্মীসকলক কিয় ধৰি ৰাখিব পৰা নাই । তাৰ অৰ্থ এইটোৱে যে কংগ্ৰেছ দলৰ এতিয়া কোনো কাৰ্যসূচী নাই । আৰু সেই কাৰ্যসূচী নোহোৱা মূলতেই দলৰ নেতৃত্ব, সভাপতি, সাংসদ, বিধায়ক জগৰীয়া বুলি তেওঁ কয় । গতিকে ইয়াক বিশেষ ব্যৱস্থা আছে বুলি সাংসদ কলিতাই মন্তব্য় কৰে ।

যি ব্যৱস্থাৰ যোগেৰে এইসমূহ নিৰূপণ কৰা হয় তাৰদ্বাৰা সমাধান কৰিব পাৰে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে । লগতে কলিতাই ৰাজ্যিক বিজেপিৰ দুটা পন্থী (Bhubaneswar Kalita says no clash in BJP) থকা বুলি চৰ্চা চলি থকা সন্দৰ্ভত কয় যে বিজেপি দলত কোনো পন্থী নাই । এই দল এক দল, ভাৰতীয় জনতা পাৰ্টিয়ে সেৱাই সংগঠনত বিশ্বাস কৰে ।

লগতে পঢ়ক:বৰপেটা সত্ৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.