ETV Bharat / state

ছয়গাঁৱৰ কুকুৰমাৰা গাঁৱক আদৰ্শ গাঁও ঘোষণা

author img

By

Published : Dec 24, 2020, 4:08 PM IST

Updated : Dec 24, 2020, 5:17 PM IST

দক্ষিণ কামৰূপৰ অনগ্ৰসৰ অনুসূচীত লোকৰ বসতি প্ৰধান গাঁও কুকুৰমাৰা । সকলো দিশৰ পৰা অৱহেলিত গাঁওখনলৈ অৱশেষত চকু পৰিল অসম চৰকাৰৰ । ঘোষণা কৰিলে আদৰ্শ গাঁও হিচাপে ।

model-village-foundation
ছয়গাঁৱৰ কুকুৰমাৰা গাঁৱক আদৰ্শ গাঁও ঘোষণা ৷ আধাৰশিলা স্থাপন বিধায়কৰ।

ছয়গাঁও, ২৪ ডিচেম্বৰ : দক্ষিণ কামৰূপৰ অনগ্ৰসৰ অনুসূচীত লোকৰ বসতি প্ৰধান গাঁও কুকুৰমাৰা । সকলো দিশৰ পৰা অৱহেলিত গাঁওখনলৈ অৱশেষত চকু পৰিল অসম চৰকাৰৰ । ঘোষণা কৰিলে আদৰ্শ গাঁও হিচাপে । ৰাজ্যৰ গ্ৰ‍ামাঞ্চলৰ উন্নয়নৰ বাবে প্ৰতিখন চৰকাৰেই অভিলাষী আঁচনি ৰূপায়ন কৰি আহিছে যদিও কিছু এনে গাঁও আছে যি সমূহক এই অভিলাষী আঁচনিয়ে কেতিয়াও ঢুকি পোৱা নাই ।

ছয়গাঁৱৰ কুকুৰমাৰা গাঁৱক আদৰ্শ গাঁও ঘোষণা

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ তৎপৰতাত অনুসূচীত লোকৰ বসতিপ্ৰধান অতি পিছপৰা কুকুৰমাৰা গাঁওখনক অৱশেষত ৰাজ্য চৰকাৰে আদৰ্শ গাঁও হিচাপে ঘোষণা কৰিলে । বৃহস্পতিবাৰে এই আদৰ্শ গাঁৱৰ আঁচনি ৰূপায়ণৰ শুভাৰম্ভ কৰি বিধায়কগৰাকীয়ে ৫ কোটি টকা ব্যয় সাপেক্ষে উন্নয়ন কৰিবলগীয়া আদৰ্শ গাঁওখনত প্ৰথম পৰ্যায়ত ৫০ লাখ টকা ব্যয় কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ এই আঁচনিৰ ভিতৰত প্ৰথম পৰ্যায়ত ১৪ লাখ টকাৰে এটি ৰাজহুৱা সভাঘৰ, ১৫ লাখ ৪১ হাজাৰ টকাৰে চাৰিটা অংগনবাড়ী কেন্দ্ৰ, ১১ লাখ টকাৰ চ’লাৰ লাইট, ৪ লাখ ৩৩ হেজাৰ টকাৰে পুথিভঁৰাল, ৭৫ হাজাৰ টকাৰ ডাষ্টবিন আৰু প্ৰশাসনীয় খৰচৰ বাবদ ৫০ হাজাৰ টকা খৰচ কৰা হ’ব ৷

অৱশ্যে দক্ষিণ কামৰূপৰ পিছপৰা অঞ্চলসমূহৰ অন্যতম এই কুকুৰমাৰা গাঁওখনক আদৰ্শ গাঁও হিচাপে ঘোষণা কৰাৰ পিছত বিভিন্ন আঁচনি ৰূপায়নেৰে সজাই পৰাই তোলাৰ পৰিকল্পনা আছে যদিও প্ৰকৃততে সফল ৰূপায়ণ হ’ব নে নাই সেয়া সময়তহে লক্ষণীয় হ‘ব ।

লগতে পঢ়ক : মেঘালয়ৰ সৈতে চামিল হোৱাৰ সিদ্ধান্ত অসমৰ চাৰি গাঁৱৰ

Last Updated : Dec 24, 2020, 5:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.