বাইহাটা,8 জানুৱাৰী : ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো কেইটামান দিন বাকী । সমগ্ৰ অসমবাসী এতিয়া ব্যস্ত আৰ্হি ভেলাঘৰ নিৰ্মাণ কাৰ্যত ৷ আৰ্হি ভেলাঘৰ নিৰ্মাণে প্ৰমাণ কৰে অসমীয়া যুৱকৰ কাৰিকৰী কৌশল ।
বাইহাটা চাৰিআলিটো দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য । বাইহাটা চাৰিআলিৰ বৰপলহা গাঁৱৰ যুৱকসকলে এইবাৰ নিৰ্মাণ কৰিছে ক’ভিড হাস্পতালৰ আৰ্হিত এক আকৰ্ষণীয় ভেলাঘৰ ।
এম্বুলেন্স, চিকিৎসক, নাৰ্চৰ লগতে ক’ভিড চিকিৎসা কেন্দ্ৰ সুন্দৰভাৱে উপস্থাপন কৰিছে যুৱকসকলে । ভেলাঘৰৰ বাকৰিত শিশু, কিশোৰ, যুৱতীকে ধৰি বৃদ্ধ সকলোৱে এপাক বিহু নাচি ভোগালীৰ প্ৰস্তুতি অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : টিংখাঙত উন্নয়নৰ ওলোটা স্বৰূপ