বকো,4 নৱেম্বৰ: প্ৰতীক হাজেলা, ৰঞ্জন গগৈক তীব্ৰ সমালোচনা কৰিলে বিতৰ্কিত শিলাদিত্য দেৱে ৷ দেওবাৰে নিশা বকো সমষ্টিৰ পুঠিমাৰীত অনুষ্ঠিত এখন এন আৰ চি সজাগতা সভাত অংশগ্ৰহণ কৰি শিলাদিত্যই প্ৰতীক হাজেলা আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক কঠোৰ সমালোচনা কৰে ৷
সদৌ অসম বঙালী পৰিষদৰ কামৰূপ জিলাৰ উদ্যোগত অনুষ্ঠিত এই সভাখনত বঙালী ভাষাতে ভাষণ প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক তীব্ৰ সমোলোচনা কৰি তেওঁ এন আৰ চিৰ দ্বাৰা অসম ৰক্ষা নহয়,ধ্বংসহে কৰিলে বুলি মন্তব্য কৰে ৷ ইফালে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাকো 1600 কোটিৰ হিচাপ দিব নোৱাৰি একাংশৰ লগত মিলি নাটক কৰা বুলি তীব্ৰভাৱে সমালোচনা কৰে ৷
লগতে পঢ়ক: কাছাৰ কাগজ কলত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত চোৰ ! পাচগ্ৰামত উত্তাল প্ৰতিবাদ