ETV Bharat / state

বিজেপিলৈ নাযায় কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ

বিজেপিলৈ নাযায় ছয়গাঁৱৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ ৷ বিধায়ক গৰাকী বিজেপিলৈ যাব বুলি ওলোৱা বাতৰি সংবাদ মাধ্যমৰ সৃষ্ট ৷ ৰেকিবুদ্দিন বিজেপিলৈ যাব বুলি প্ৰচাৰিত বাতৰি সংবাদ মাধ্যমে চলোৱা অপপ্ৰচাৰহে বুলি উল্লেখ কৰে ৰেকিবুদ্দিন আহমেদে ৷

বিজেপিলৈ নাযায় কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ
বিজেপিলৈ নাযায় কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ
author img

By

Published : Dec 18, 2020, 7:54 PM IST

ছয়গাঁও ১৮ ডিচেম্বৰঃ বিজেপিলৈ কেতিয়াও নাযায় ছয়গাঁৱৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ ৷ তেওঁ বিজেপিলৈ যাব বুলি ওলোৱা খবৰ একাংশ সংবাদ মাধ্যমৰ অপপ্ৰচাৰহে ৷ শুকুৰবাৰে ছয়গাঁৱৰ ৰাজীৱ ভৱনত সাংবাদিকৰ আগত এই মন্তব্য প্ৰকাশ কৰি বিধায়ক ৰেকিবুদ্দিনে কয় যে, তেওঁ কোনো কাৰণতে বিজেপিলৈ নাযায় ৷ আজি কিছুদিনৰ পৰা একাংশ সংবাদ মাধ্যমত তেওঁ বিজেপিলৈ যাব বুলি বাতৰি ওলোৱা বিষয়টো লক্ষ্য কৰি আছো বুলি কৈ তেওঁ এয়া একাংশ সংবাদ মাধ্যমৰ অপপ্ৰচাৰ বুলিহে মন্তব্য কৰে ৷ আনকি একাংশ সংবাদ গোষ্ঠীয়ে তেওঁ বিজেপিত যোগদান কৰাৰ তাৰিখ বাৰ পৰ্যন্ত প্ৰচাৰ কৰা বুলি কৈ সেই সকল সংবাদ গোষ্ঠীৰ হাতত কি তথ্য আছে বুলিও বিধায়ক গৰাকীয়ে প্ৰশ্ন তোলে ৷

বিজেপিলৈ নাযায় কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ

ইপিনে সমষ্টি এটা চলোৱাৰ স্বাৰ্থত কেতিয়াবা চৰকাৰী কাৰ্যসূচীত চৰকাৰী বিষয়াৰ লগতে মন্ত্ৰীৰ লগত বহিবলগীয়া হোৱা কথাটো একো ডাঙৰ কথা নহয় বুলি কৈ তেওঁ সেয়া একো বিষয় নহয় বুলিও কয় ৷ ২০২১ ৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে এক লাখ ভোট লাভ কৰি বিজয়ী হ’ব বুলিও তেওঁ প্ৰকাশ কৰে ৷ ভৱিয্যতে তেওঁৰ বিষয়ে এনেকুৱা নিউজ কৰাৰ আগতে তেখেতৰ লগত কথা পাতি লব’লৈও সংবাদ মাধ্যমৰ প্ৰতি তেওঁ অনুৰোধ জনাই ৷ সমষ্টি উন্নয়নৰ স্বাৰ্থত বিধান সভাত তেওঁ সদায়েই মাত মাতি যোৱাৰ কথা উনুকিয়াই কয় যে, তেওঁ কেতিয়াও বিজেপিলৈ নাযায় আৰু এই ক্ষেত্ৰত কোনোদিনে নাভাবেও ৷

আনহাতে অজন্তা নেওগ বিজেপিলৈ যোৱাত তেওঁৰ ব্যক্তিগতভাৱে বহুত দুখ লাগিছে যদিও অজন্তা নেওগৰ বিজেপি গমনত কংগ্ৰেছৰ একো ক্ষতি নহয় বুলি প্ৰকাশ কৰে ৷ অৱশ্যে তেওঁ অজন্তা নেওগৰ বিজেপি গমনৰ কথাটো প্ৰত্যাহাৰ কৰিবলৈ অজন্তা নেওগক পুনৰবাৰ অনুৰোধ জনাই ৷ তেওঁ পুনৰ কয় যে, ৰাজনীতিত এনেদৰে দুই এজনৰ অহা যোৱা চলি থাকেই আৰু এই ক্ষেত্ৰত মূৰ ঘমাই একো লাভ নাই ৷

লগতে পঢ়কঃ গীৰ্জা ভঙা কাণ্ডত দোষী সাব্যস্ত মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.