বকো, 9 মে' : লক্ ডাউনৰ সময়ত আৰ্থিক সংকটত ভোগা শিল্পীৰ কাষত থিয় হ'ল অসম মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী তথা বকোৰ বিধায়িকা নন্দিতা দাস ৷
শনিবাৰে অঞ্চলটোৰ অভিনেতা-অভিনেত্ৰী, লোকশিল্পীৰ লগতে সকলো শিল্পীৰ মনৰ বুজ লোৱাৰ উপৰিও একোটাকৈ খাদ্যৰ টোপোলা যোগান ধৰিলে বিধায়িকা গৰাকীয়ে ৷ প্ৰতিগৰাকী শিল্পীৰ ঘৰে-ঘৰে উপস্থিত হৈ বিধায়িকা গৰাকীয়ে আগবঢ়ালে খাদ্যৰ টোপোলা ৷ বিধায়িকা গৰাকীৰ এই প্ৰচেষ্টাত অতিশয় সুখী অঞ্চলটোৰ নৱীন-প্ৰৱীন শিল্পী সকল ৷
উল্লেখযোগ্য যে, লক্ ডাউনৰ আৰম্ভণিৰ পৰাই বিধায়িকা গৰাকীয়ে অঞ্চলটোৰ দৰিদ্ৰ লোক সকলক সহায়ৰ হাত আগবঢ়াই আহিছে ৷
লগতে পঢ়ক : নাও : পেটৰ ভাত মুঠিৰ পৰা বানত উটি যোৱা জীৱনলৈ !