গুৱাহাটী, ২১ মাৰ্চ: অসম চৰকাৰৰ কেবিনেটৰ জিলাৰ বিলুপ্তিকৰণৰ প্ৰসংগক লৈ মঙলবাৰে বিধানসভাত সৰৱ হৈ পৰে কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাস (MLA reacts on Scrapping of District status)। ২০১৬ চনত গঠন কৰা দক্ষিণ কামৰূপ জিলাৰ পৰৱৰ্তী সময়ত পুনৰ জিলাৰ মৰ্যাদা কৰ্তন কৰাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে বিধায়িকা নন্দিতা দাসে । কিন্তু সদনত দিয়া উত্তৰকলৈ অসন্তুষ্টি ব্যক্ত কৰে বিধায়িকাগৰাকীয়ে (MLA Nandia Das)। এই সন্দৰ্ভত তেওঁ বিধানসভা চৌহদত সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
বিধায়িকাগৰাকীয়ে কয়, ‘‘দক্ষিণ কামৰূপ জিলাখনক পূৰ্বৰ কামৰূপ জিলাৰ সৈতে একত্ৰিকৰণ কৰা হ’ল । এই জিলাখন ৰাইজৰ বিপুল দাবীত গঠন কৰা হৈছিল । বিজেপি চৰকাৰ অহাৰ পিচতে ৰাজ্যত বহু কেইখন জিলা নতুনকৈ ঘোষণা কৰা হ’ল । কিন্তু কি কাৰণত, কি যুক্তিত আৰু কি ন্যায়গত কাৰণত দক্ষিণ কামৰূপ জিলা স্থগিত কৰা হ'ল সেই উত্তৰ নাপালো ।’’
তেওঁ লগতে কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ লগে লগে সমষ্টিৰ সংখ্যা বাঢ়িব লাগিব । উন্নয়ন যদি দ্ৰুত গতিত কৰিবলগীয়া হয় তেনে সমষ্টিৰ সংখ্যা বাঢ়িব লাগিব (Delimitation in Assam)। অন্যথা সমষ্টি একেই থাকিব আৰু সেইখিনি মানুহকেই লৈ নতুন নতুন সমষ্টি গঠন কৰিলে ৰাইজে কোনো সুফল নাপাব । তদুপৰি জনসংখ্যা বৃদ্ধিৰ বাবে অসম বিধানসভাৰ সংৰক্ষিত আসনৰ সংখ্যাও বৃদ্ধি হ’ব লাগে ।
ইয়াৰোপৰি বিধায়িকাগৰাকীয়ে প্ৰশাসনিক এলেকাসমূহৰ সীমা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ৰাইজৰ যাতে প্ৰশাসনিক ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নহয় সেইবোৰ বিষয়েও গুৰুত্ব প্ৰদানৰ পোষকতা কৰে । এই বিষয়ে তেওঁ চি এল পি লিডাৰৰ জৰিয়তে অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগক অৱগত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে বিধায়িকাগৰাকীয়ে । অসমৰ সমষ্টিসমূহত জনজাতীয়, জনগোষ্ঠীয় লোকসকলে প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব লাগে । জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে সংৰক্ষিত আসনৰ সংখ্যাও বৃদ্ধি পাব লাগে বুলি আশাবাদী বিধায়িকাগৰাকী ৷
শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে ৰাজ্যৰ চাৰিখন জিলাৰ মৰ্যাদা কৰ্তন কৰে ৷ অসম চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰিয়েই নিশাৰ ভিতৰতে বিশ্বনাথ, হোজাই, তামুলপুৰ আৰু বজালী জিলাক জিলাৰ মৰ্যাদা কৰ্তন কৰি বিশ্বনাথক শোণিতপুৰ, হোজাইক নগাঁও, তামুলপুৰক বাক্সা আৰু বজালী জিলাক বৰপেটা জিলাৰ লগত একত্ৰিকৰণ কৰিছিল ।
লগতে পঢ়ক: Lok sabha 2024 : আজমলৰে মিত্ৰতা অবিহনে কংগ্ৰেছে আসন লাভ কৰাতো অসম্ভৱ; বিধায়ক শ্বেৰমানৰ দাবী