ETV Bharat / state

বকোত বিধায়িকা নন্দিতাৰ বান সাহাৰ্য - বানাক্ৰান্ত

বৃহস্পতিবাৰে বকোৰ বিধায়িকা নন্দিতা দাসে বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰে বান সাহাৰ্য ৷

দুই শতাধিক পৰিয়ালৰ পশুধনক চৰকাৰে সামান্য সাহাৰ্য দিয়ে দায়িত্ব সামৰিছে
author img

By

Published : Jul 18, 2019, 11:41 AM IST

বকো, ১৮ জুলাই: বৃহস্পতিবাৰে বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসে অঞ্চলটোৰ বানাক্ৰান্তৰ দুৰৱস্থাৰ বুজ লয় । আৰিকাটি, গৰৈমাৰী বিলৰজান, পানীখাইটী, লটাৰীদিয়া, বৰদিয়া নয়াপাৰা, পল্লীমংগল, গৰুৰচৰ আদি গাঁৱৰ প্ৰায় পাঁচ হাজাৰ লোকে বিগত পাঁচ দিন ধৰি আৰিকাটি মথাউৰিত বাস কৰি আছে । বিধায়িকা গৰাকীয়ে এই বানাক্ৰান্ত লোক সমূহৰ দুৰৱস্থাৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ মাজত বান সাহাৰ্য বিতৰণ কৰে ।

দুই শতাধিক পৰিয়ালৰ পশুধনক চৰকাৰে সামান্য সাহাৰ্য দিয়ে দায়িত্ব সামৰিছে

বান সাহাৰ্যত বিতৰণ কৰা সামগ্ৰী সমূহ ক্ৰমে চাউল, দাইল, মিঠাতেল, চিৰা, নিমখ, বিস্কুট, খোৱা পানীৰ বটল, ছয়টা দমকল, ব্লিচিং পাউদাৰ ইত্যাদি । সাংবাদিকৰ সৈতে মত বিনিময় কৰাৰ সময়ত বিধায়িকা নন্দিতা দাসে উদ্বেগ প্ৰকাশ কৰি কয় যে জিলা প্ৰশাসনে প্ৰায় দুই শতাধিক পৰিয়ালৰ গৰু, ছাগলী, ম’হ, ঘোৰা, ভেৰা ইত্যাদিৰ বাবে কেৱল ৬২ কুইন্টল চাপৰ আৰু কেৱল ৩০ খন ট্ৰিপাল দিয়ে দায়িত্ব সামৰিব খুজিছে । লগতে তেওঁ এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে যাতে অতি শীঘ্ৰে খোৱা খাদ্য, পানী, মেডিকেল ইত্যাদিৰ ব্যৱস্থা কৰে তাৰ অনুৰোধ জনায় ।

Intro:Body:বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসে বুজ লয় অঞ্চলতোৰ বানাক্ৰান্তৰ দুৰৱস্থা। আৰিকাটি, গৰৈমাৰী বিলৰজান, পানীখাইটী, লটাৰীদিয়া, বৰদিয়া নয়াপাৰা, পল্লীমংগল, গৰুৰচৰ আদি গাৱৰ প্ৰায় পাঁচ হাজাৰ লোকে যোৱা পাঁচ দিন ধৰি আৰিকাটি মথাউৰিত বাস কৰি থকা সকলোৰ দুখ দুৰৱস্থাৰ বুজ লোৱাৰ লগতে চাউল, দাইল, মিঠাতেল, চিৰা, নিমখ, বিস্কুট, খোৱা পানীৰ বটল, ছয়টা দমকল, ব্লিচিং পাউদাৰ ইত্যাদি বিতৰণ কৰে। সাংবাদিকৰ সৈতে মত বিনিময় কৰাৰ সময়ত তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে জিলা প্ৰশাসনে প্ৰায় দুই শতাধিক পৰিয়ালৰ গৰু, ছাগলী, মহ, ঘোৰা, ভেৰা ইত্যাদিৰ বাবে কেৱল ৬২ কুইন্টল চাপৰ আৰু কেৱল ৩০ খন ট্ৰিপাল দিয়ে দায়িত্ব সামৰিব খুজিছে। বিধায়িকাই এই ক্ষেত্ৰত অসমৰ মূখ্যমন্ত্ৰীয়ে যাতে অতি শীঘ্ৰে খোৱা খাদ্য, পানী, মেডিকেল ইত্যাদিৰ ব্যৱস্থা কৰে তাৰ অনুৰোধ জনায়।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.