ৰঙিয়া,16 জানুৱাৰী : চিকিৎসালয়লৈ আহি সন্ধানহীন হ'ল ৰঙিয়াৰ বৰশীলৰ এগৰাকী মহিলা ৷ সন্ধানহীন মহিলাগৰাকীৰ নাম 27 বছৰীয়া পাপৰি দাস ৷
এমাহ পূৰ্বে ৰঙিয়াৰ চিকিৎসালয়ত চিকিৎসা কৰিবলৈ অহাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰে মহিলাগৰাকী । ঘটনা সন্দৰ্ভত ভূক্তভোগী পৰিয়ালে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো সম্ভেদ উলিয়াব পৰা নাই ৷
উপায়ন্তৰ হৈ অৱশেষত ৰঙিয়াৰ ৰাজপথত নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ ফটো লৈ বিচাৰি ফুৰিছে মহিলাগৰাকীৰ স্বামীয়ে ৷ কি পৰিস্থিতিত আৰু কেনেকৈ মহিলাগৰাকী নিখোজ হ'ল সেয়া ৰহস্যৰ আৱৰ্তত আছে ৷ কোনো দুষ্ট চক্ৰই ফুচুলাই নি মহিলাগৰাকীক ক'ৰবাত বিক্ৰী কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক : 12 গৰাকী জ্যেষ্ঠ চিকিৎসকক প্ৰতিষেধক প্ৰদান জি এম চি এইছত