ৰঙিয়া, 12 মে': ৰঙিয়াৰ তাৰাকুছি গাঁৱৰ পৰা নিৰুদ্দেশ হৈছে চানোৱাৰা বেগম নামৰ এগৰাকী মহিলাৰ লগতে ৰুতীয়া নামৰ এটি 5 বছৰীয়া কণমানি ৷ বিগত 17 টা দিনে নিৰুদ্দেশ হৈ আছে মাতৃ-কন্যা ৷ ইফালে পত্নী আৰু কন্যাক বিচাৰি নাপাই উপায়ন্তৰ হৈ পৰিছে স্বামী লুটফুৰ ৰহমান ৷ ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে ৷
বহু বিচাৰ খোচাৰ কৰিও পত্নী আৰু কন্যাক বিচাৰি উলিয়াব নোৱাৰাত 26 এপ্ৰিলৰ দিনা স্বামী ঘৰত নথকা অৱস্থাত কোনো লোকে অপহৰণ কৰি নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্বামী লুটফুৰ ৰহমানে ৷ সময় সুবিধা হ'লেই বহিঃৰাজ্যৰ মানৱ সৰবৰাহকাৰীৰ হাতত দুয়োগৰাকীকে বিক্ৰী কৰিব শংকা প্ৰকাশ কৰিছে ভুক্তভোগী স্বামীগৰাকীয়ে ৷
লগতে পঢ়ক: মুৰ্কংচেলেকৰ এটি পথে দুৰ্ভোগ ভুগাইছে স্থানীয় ৰাইজক