মিৰ্জা,21 ফেব্ৰুৱাৰীঃ শিৱাৰাত্ৰিৰ দিনাই দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপত সংঘটিত হ'ল পথ দুৰ্ঘটনা ৷ মিৰ্জা-চানডুবি সংযোগী পথত অচিনাক্ত বাহনে মহতিয়াই নিলে এজন চাইকেল আৰোহী ৷ নিহত লোকজন মিৰ্জাৰ সমীপৰ মাজকুছি দোৱাপাৰাৰ কংকন দাস বুলি জানিব পৰা গৈছে ৷ মিৰ্জাৰ পৰা চানডুবি অভিমুখে গৈ থকা অৱস্থাতে তীব্ৰ বেগেৰে অহা অচিনাক্ত বাহনে মহতিয়াই নিয়ে লোকজনক ৷ ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি পলাশবাৰী আৰক্ষী থানালৈ লৈ যায় । আনহাতে লোকজনৰ ক্ষত-বিক্ষত দেহ উঠাবলৈ আৰক্ষীয়ে সহায় ল'ব লগা হয় মাটি পেলোৱা বেলচাৰ ৷ ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ৷
লগতে পঢ়ক-বঙাইগাঁওৰ "হোটেল শিবালী"ত ৰহস্যজনক ভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ