ETV Bharat / state

পলাশবাৰীত মন্ত্ৰী পীযুষৰ ছাডেন ভিজিট

author img

By

Published : Sep 24, 2019, 9:17 PM IST

মঙলবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই উপস্থিত হয় পলাশবাৰী পৌৰসভা কাৰ্যালয়ত ৷ স্থানীয় বিধায়ক প্ৰনৱ কলিতাৰ সৈতে গৈ পৌৰসভা কাৰ্যালয়ত উপস্থিত হৈয়ে বিভিন্ন শিতানত হোৱা খৰচৰ হিচাপ বিছাৰে মন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে প্ৰদান কৰা ধনৰাশিৰ সঠিক প্ৰয়োগ নোহোৱাৰ বাবেই পৌৰপতি আৰু নগৰ প্ৰকল্প বিষয়াক ধমক দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

পৌৰসভা কাৰ্যালয়ত মন্ত্ৰী পীযুষ হাজৰিকা

পলাশবাৰী, 24 চেপ্তেম্বৰঃ মঙলবাৰে পলাশবাৰী পৌৰসভা কাৰ্যালয়ত উপস্থিত হয় অসম চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকা ৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ অধীনত চলি থকা কামৰ খতিয়ান ল'বলৈ স্থানীয় বিধায়ক প্ৰনৱ কলিতাৰ সৈতে এইদৰে পৌৰসভা কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷

পৌৰসভা কাৰ্যালয়ত উপস্থিত হৈয়ে কাৰ্যালয়ত চলি অহা বিত্তীয় খেলিমেলি সন্দৰ্ভত স্পষ্টীকৰণ বিছাৰে মন্ত্ৰীগৰাকীয়ে ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰদান কৰা ধনৰ উপযুক্ত খৰচ কৰিব নোৱাৰাৰ বাবে পৌৰপতি ৰাতুল শৰ্মাৰ লগতে নগৰ প্ৰকল্প বিষয়া চন্দন বৈশ্যক ধমক দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ 2013 বিত্তীয় বৰ্ষৰ লগতে অন্যান্য বিত্তীয় বৰ্ষসমূহকে ধৰি পলাশবাৰী পৌৰসভা কাৰ্যালয়ে লাভ কৰা প্ৰায় 80 লাখ টকা খৰচ নকৰাকৈ এনেদৰেই ৰখাই থোৱা হৈছিল ৷

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশত অসমৰ 9 খন পৌৰসভাক মডেল পৌৰসভালৈ উন্নীত কৰাৰ নিৰ্দেশনা আছিল ৷ আগন্তুক 2 অক্টোবৰৰ ভিতৰত স্বচ্ছ ভাৰত অভিযানৰ অধীনত অসমৰ 9খন পৌৰসভাক প্ৰদান কৰা হৈছিল বিশেষ কৰ্তৃত্ব ৷ ইয়াৰ ভিতৰত পলাশবাৰী পৌৰসভাও অন্যতম আছিল আৰু ইয়াত হাইমাষ্ট লাইটকে ধৰি ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ কৰা, জাৱৰ নিষ্কাশণ কৰা আদি কামৰ দায়িত্ব অৰ্পন কৰা হৈছিল ৷ কিন্তু ছটা হাইমাষ্ট লাইটৰ বাহিৰে এতিয়ালৈকে অন্যান্য কামসমূহ সম্পন্ন কৰিব পৰা নাই পৌৰসভাই ৷ আনহাতে মন্ত্ৰী হাজৰিকাই প্ৰকাশ কৰা অনুসৰি অসমৰ প্ৰায় 97খন নগৰত হাইমাষ্ট লাইট লগোৱাৰ কাম চলি আছে, ইয়াৰ উদ্বোধনী পলাশবাৰীৰ পৰাই কৰা হ'ব ৷ আগন্তুক দূৰ্গা পূজাৰ পূৰ্বেই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে হাইমাষ্ট লাইটৰ কাম উদ্বোধন কৰিব ৷

পৌৰসভা কাৰ্যালয়ত মন্ত্ৰী পীযুষ হাজৰিকা

পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰনৱ কলিতাই পূঁজি ব্যৱহাৰ কৰিব নোৱাৰাটো পৌৰসভাৰ দুৰ্বলতা বুলি উল্লেখ কৰে ৷ আনহাতে পৌৰপতি ৰাতুল শৰ্মাই সাংবাদিকৰ আগত কয় যে, "ফাণ্ড ব্যৱহাৰ হৈছে ৷ বিল দিয়া হ'লেই সকলোখিনি ঠিক হৈ যাব ৷ 13ৰ গোচৰ এটা হাইকোৰ্ট কৰা হৈছে বাবেই ফাণ্ডৰ হিচাপ দিয়াত কিছু দেৰি হৈছে ৷ পূজাৰ আগে আগে প্ৰায় 50 লাখ টকাৰ বিল পৰিশোধ হৈ যাব ৷" মন্ত্ৰী হাজৰিকাই পৌৰসভাৰ কাম-কাজ নিৰীক্ষণ কৰাৰ লগতে হাইমাষ্ট লাইট উদ্বোধন কৰিবলৈ পলাশবাৰীলৈ আহিব বুলি জনায় ৷ সেই বাবেই কামৰ খতিয়ান ল'বলৈ এইদৰে পলাশবাৰীত উপস্থিত হোৱা বুলি কয় মন্ত্ৰী হাজৰিকাই ৷

Intro:পলাশবাৰী পৌৰসভাত হঠাৎ উপস্থিত মন্ত্ৰী পিয়ুষ হাজৰিকা । ৮০ লাখৰ বিত্তীয় খেলিমেলিত নিমজ্জিত পৌৰপতি আৰু নগৰ প্ৰকল্প বিষয়া দিলে ধমক । ১ মিনিটত বৰ্খাস্ত কৰাৰ ধমক ।

Body:Vo..এই দৃশ্যলৈ মন কৰক এইগৰাকী মন্ত্ৰী পিয়ুষ হাজৰিকা,কাষত বহি আছে পলাশবাৰী পৌৰপতি ৰাতুল শৰ্মা । কাষত বহাই লৈ কিহৰ বাবে এইদৰে এফালৰ পৰা ধমক দি আছে ভালকৈ শুনক । হয়,৮০ লক্ষ টকাৰ বিত্তিয় খেলিমেলিৰে দুৰ্নীতিৰ সাম্ৰজ্য গঢ়ি তুলা পৌৰপতি ৰাতুল শৰ্মা আৰু পলাশবাৰী নগৰ প্ৰকল্পৰ চন্দন বৈশ্যক এইদৰে দিছে ধমক । কোনোধৰনৰ নীতি-নিয়ম নামানি একনায়কত্ববাদী চিন্তাৰে কাম কৰি যোৱাৰ পৰিনতিত এইদৰে ৰাজহুৱাকৈ ধমক খালে মন্ত্ৰীৰ । কাম ভালকৈ নকৰিলে ১ মিনিটত মন্ত্ৰীয়ে বিদায় দিম বুলি দিলে ধমক । আনহাতে অভিযোগ অনুসৰি আচনি ৰূপয়ানৰ নামত সৌওে-বাওে ধন ঘটি সমগ্ৰ পৌৰসভাখনকে কলংকিত কৰিছে দুয়োজনে । এতিয়া স্বয়ং মন্ত্ৰীয়ে দিব লগা হ'ল ধমক ।

Bite1...পিয়ুষ হাজৰিকা ।

আনহাতে পলাশবাৰী সমষ্টিৰ বিজেপি বিধায়ক প্ৰনৱ কলিতাইও একে আষাৰে নিজ দলৰে পৌৰপতি ৰাতুল শৰ্মাৰ বৃত্তিয় খেলি-মেলিৰ কথা স্বীকাৰ কৰি এয়া পৌৰপতিৰ ব্যৰ্থতা বুলি মন্তব্য কৰিলে ।

Bite2...প্ৰনৱ কলিতা ।

ইফালে পৌৰসভাখনৰ পৌৰপতি পৰা ৰাতুল শৰ্মাই কেমেৰাৰ সন্মুখত দায়সৰা মন্তব্য হে দিলে ।

Bite3.. পৌৰপতি ৰাতুল শৰ্মা ।
Conclusion:অসমৰ ৯খন পৌৰসভাৰ ভিতৰত পলাশবাৰীতো অত্যাধুনীক হাইমাষ্ট লাইট স্থাপনৰ কাম কাজ চোৱা-চিতা কৰিবলৈ আহি পৌৰপতিক ধমক দি যাবলগীয়া ঘটনাই প্ৰতিক্ৰিয়াৰ চেষ্টা কৰিছে পলাশবাৰী নগৰ অঞ্চলত ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.