ৰঙিয়া, 26 নৱেম্বৰ : বঙাইগাঁৱত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক (Assam Cabinet meeting at Bangaingaon)ৰ পিছত ৰাজ্যৰ বন তথা মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৰঙিয়াত উপস্থিত হয় (Parimal Suklabadya visits Rangiya) ৷ ৰঙিয়া বৈদ্যগড় গাঁও পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে স্থানীয় হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে ।
ইয়াৰ পাছতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত অংশগ্ৰহণ কৰাৰ পৰৱৰ্তী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰঙিয়াত উপস্থিত হোৱা বুলি সদৰী কৰে । সভাখনত অংশগ্ৰহণ কৰি অৰুণোদয় (Assam Orunodoi Scheme)কে ধৰি বিভিন্ন চৰকাৰী আঁচনি লাভ কৰা হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ কথা উল্লেখ কৰে ।
ইফালে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত অনিয়ম হোৱাৰ অভিযোগ খণ্ডন কৰি দুই চাৰিজন অৰ্হতা নথকা কংগ্ৰেছী নেতাইহে এনে অভিযোগ উৎথাপন কৰাৰ প্ৰতিঅভিযোগ তোলে মন্ত্ৰীগৰাকীয়ে । ৰঙিয়া মডেল হস্পিতাল (Rangia Model Hospital)ত পৰ্যাপ্ত চিকিৎসক নথকা সন্দৰ্ভত কৰা আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, কভিড -১৯ ৰ পৰিপ্ৰেক্ষিতত চিকিৎসকসকলক বিভিন্ন দায়িত্বত নিয়োগ কৰিব লগা হৈছিল ।
চিকিৎসকৰ সমস্যা সমাধানৰ সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়া বুলি সদৰী কৰাৰ লগতে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়(Medical College in Assam)ৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণৰো সংকেত দিয়ে মন্ত্ৰী শুক্লবৈদ্যই । ইফালে ৰঙিয়া নগৰৰ এন টি ৰোডৰ শোচনীয় অৱস্থা সন্দৰ্ভত আঙুলিয়াই দিয়াত মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি চৰকাৰৰ দিনত অধিক বাট পথ নিৰ্মাণ হৈছে আৰু অচিৰেই উক্ত পথটো নিৰ্মাণৰ পদক্ষেপো গ্ৰহন কৰা হ’ব । ৰাজ্যত মীন উৎপাদনৰ ক্ষেত্ৰত বিশেষ উন্নতি লাভ কৰা বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: বাক্সা জিলাৰ চৰকাৰী কাম-কাজ পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ