ৰঙিয়া,24 ফেব্ৰুৱাৰী: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় দল বিজেপিয়ে বিভিন্ন কৌশলেৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ বাবে উঠি পৰি লাগিছে ৰাজ্যৰ মন্ত্ৰী বিধায়ক সকল ৷ নিতৌ নতুন কৌশলেৰে ৰাইজৰ কাষ চপাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে প্ৰতিটো দলে ৷ ৰাজ্যৰ আন আন প্ৰান্তত বিশাল চাইকেল ৰেলীৰে ভোটাৰ ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাই থকা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অংশ লয় ৰঙিয়াৰ এক চাইকেল ৰেলীত ৷
সহস্ৰাধিক দলীয় কৰ্মীৰ সহযোগত এটি পথৰ আধাৰশিলা স্থাপন কৰি ৰঙিয়াৰ ষ্টেডিয়াম কলনিৰ পৰা ডিমুলৈ প্ৰায় ১২ কিলোমিটাৰ পথ চাইকেলেৰে পৰিভ্ৰমণ কৰে হিমন্ত বিশ্ব শৰ্মাই । নিৰ্বাচনী ৰণডংকা বজাই উলিওৱা চাইকেল ৰেলীত অধিকাংশ দলীয় কৰ্মীয়ে বাইক ৰেলীহে কৰা পৰিলক্ষিত হয় ৷ এই চাইকেল ৰেলীত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ লগতে বিজেপিৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়া সকলে অংশ গ্ৰহণ কৰে ৷
ইফালে,অসমৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিলৰ ৩৯৪ গৰাকী কৰ্মচাৰীৰ ভিআৰএছৰ পোন্ধৰ কোটি টকা মোকলাই দিয়া সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় এই সন্দৰ্ভত পৰৱৰ্তি সময়ত জনোৱা হ'ব ৷
লগতে পঢ়ক : কংগ্ৰেছক তুলাধূনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ