ETV Bharat / state

Atul Bora visits Rangia : ৰঙিয়াৰ উন্নয়নমূলক আঁচনিৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ - ৰঙিয়া আদৰ্শ চিকিৎসালয়ত অতুল বৰা

বঙাইগাঁৱত বুধবাৰে অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠক (Bangaigaon Assam Cabinet meeting)ত অংশ ল'বলৈ যোৱা আৰু ঘূৰি অহাৰ পথত প্ৰতিজন কেবিনেট মন্ত্ৰীক কেতবোৰ নিৰ্দিষ্ট অঞ্চলত বাহৰ পাতি সেই অঞ্চলৰ বিভিন্ন অভাৱ অভিযোগ, সমস্যা আদিৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনা অনুসৰি মঙলবাৰে ৰঙিয়াত উপস্থিত হয় অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা (Atul Bora visits Rangia) ।

Minister Atul Bora visit Rangia
ৰঙিয়াৰ উন্নয়নমূলক আঁচনিৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ
author img

By

Published : Nov 24, 2021, 8:59 AM IST

ৰঙিয়া, 24 নৱেম্বৰ : বঙাইগাঁৱত বুধবাৰে অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠক (Bangaigaon Assam Cabinet meeting)ৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মঙলবাৰে ৰঙিয়াত উপস্থিত হয় অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা (Atul Bora visits Rangia) ৷ মন্ত্ৰীগৰাকীয়ে ৰঙিয়াত বিভিন্ন উন্নয়নমূলক আঁচনিৰ পৰিদৰ্শন কৰে ৷ ইয়াৰ পাছতেই জিলাখনৰ বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰীগৰাকী ।

ৰঙিয়াৰ উন্নয়নমূলক আঁচনিৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনায় । বিজেপি কাৰ্যালয়ত দুয়োটা দলৰে কৰ্মীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতে ভৱেশ কলিতাৰ সৈতে মন্ত্ৰীগৰাকীয়ে ৰঙিয়া আদৰ্শ চিকিৎসালয় (Rangiya Model Hospital) পৰিদৰ্শন কৰে । চিকিৎসালয়খনৰ নিৰ্মীয়মান আই চি ইউ কক্ষ পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ।

মন্ত্ৰী বৰাই পৰিদৰ্শনৰ সময়ছোৱাত আগন্তুক পৌৰসভা নিৰ্বাচনত বিৰোধী দল কংগ্ৰেছে মুখ থেকেছা খোৱাটো নিশ্চিত বুলি উল্লেখ কৰে । তেওঁ ইয়াৰ আঁৰত কংগ্ৰেছ এতিয়া নিশকতীয়া বুলি উল্লেখ কৰি মানুহে এতিয়া কংগ্ৰেছক বিশ্বাস নকৰে বুলি মন্তব্য কৰে । তেওঁ ইয়াৰ বিপৰীতে মিত্ৰজোঁটৰ চৰকাৰখনে আশানুৰূপ ধৰণে উন্নয়ন কৰিবলৈ সক্ষম হৈছে আৰু অগপৰ ফলাফল খুবেই ভাল হ’ব বুলি উল্লেখ কৰে । ইয়াৰ পিছত মন্ত্ৰীগৰাকী কনিহাৰ এটি এফ পি চি পৰিদৰ্শন কৰিবলৈ ৰাওনা হয় ।

লগতে পঢ়ক : Cabinet Meeting at Bongaigaon : বৈঠকৰ পূৰ্বে বজালী জিলা পৰিদৰ্শন মন্ত্ৰী ইউ জি ব্ৰহ্মৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.