ETV Bharat / state

ৰাজ্যৰ পাঁচটা স্থানত স্থাপন কৰা হ’ব মিনি আৰু মেগা ফুড পাৰ্ক

author img

By

Published : Sep 6, 2020, 5:34 AM IST

অসমৰ বিভিন্ন স্থানত এই মেগা ফুড পাৰ্ক আৰু মিনি ফুড পাৰ্ক স্থাপন কৰি ৰাজ্যৰ লগতে দেশৰ কৃষকৰ উপাৰ্জন অনাগত দিনত দুগুণ বৃদ্ধি পায় লগতে দেশৰ অৰ্থনৈতিক দিশটো আৰু যাতে অধিক টনকিয়াল হয় তাৰ বাবে প্ৰয়াস কৰিছে বুলি মন্তব্য ৰামেশ্বৰ তেলীৰ ৷

mega food park
mega food park

আজাৰা, 5 ছেপ্টেম্বৰ : উদ্যোগনগৰী পলাশবাৰীত উদ্যোগ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ টেলীৰ । ভাৰত চৰকাৰৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ অধীনত প্ৰধানমন্ত্ৰী কৃষাণ সম্পদ যোজনাৰ অধীনত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো এই যোজনাৰ অধীনত মেগা ফুড পাৰ্ক আৰু মিনি ফুড পাৰ্ক স্থাপনৰ পৰিকল্পনা হাতত লৈছে মন্ত্ৰালয়ৰ ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰীজনে ৷

বিশেষকৈ অসমৰ বিভিন্ন স্থানত এই মেগা ফুড পাৰ্ক আৰু মিনি ফুড পাৰ্ক স্থাপন কৰি ৰাজ্যৰ লগতে দেশৰ কৃষকৰ উপাৰ্জন অনাগত দিনত দুগুণ বৃদ্ধি পায় লগতে দেশৰ অৰ্থনৈতিক দিশটো আৰু যাতে অধিক টনকিয়াল হয় তাৰ বাবে প্ৰয়াস কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷ এই উদ্দেশ্যে পলাশবাৰীত শনিবাৰে উপস্থিত হয় কেন্দ্ৰীয়মন্ত্ৰী গৰাকী ৷ পলাশবাৰীৰ ব্যৱসায়িক হৃৎপিণ্ড স্বৰূপ বিজয়নগৰৰ হুদুমপুৰত প্ৰায় ত্ৰিশ বিঘা ভূমিত পঞ্চাশ শতাংশ ৰাজসাহয্যৰে ইতিমধ্যে চুৱকাম প্ৰাইভেট লিমিটেডক 22কোটি টকা মিনি ফুড পাৰ্ক স্থাপনৰ বাবে ধন আৱণ্টন দিছে ৷ উল্লেখ্য যে ৰাজ্যৰ পাঁচটা স্থানৰ ভিতৰত ইতিমধ্যে নলবাৰী, টিহুৰ পিচত পলাশবাৰীত এই অভিলাসী উদ্যোগ স্থাপন কৰাৰ যো-জা চলাইছে ৷

ৰাজ্যৰ পাঁচটা স্থানত স্থাপন কৰা হ’ব মিনি আৰু মেগা ফুড পাৰ্ক

আনহাতে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি বিগত কিছুদিন ধৰি ৰাজ্যত চৰ্চা লাভ কৰা কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা, আছু, কৃষক মুক্তিৰ ৰাজনৈতিক দলৰ সন্দৰ্ভত কৌশলপূৰ্ণ মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে ৷ বিশেষকৈ আছুৰ লুৰিণজ্যেতি গগৈক প্ৰত্যক্ষ ৰাজনীতিলৈ অহাৰ আহ্বান জনোৱাৰ লগতে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিত কোনো প্ৰভাৱ নেপেলাই বুলি মন্তব্য কৰে মন্ত্ৰী তেলীয়ে ৷

লগতে পঢ়ক : আঞ্চলিকতাবাদৰ ভেটি টনকিয়ালৰ কৰাৰ লক্ষ্যৰে দৰঙত অজিত কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.