ৰঙিয়া, 15 মে': ৰঙিয়াত ক'ভিড কেয়াৰ চেণ্টাৰ এটা স্থাপনৰ দাবীৰে ৰঙিয়াৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিলে ৰঙিয়া নিবাসী জয়ন্ত কুমাৰ কলিতাই । উল্লেখ্য যে, ৰঙিয়াত দৈনিক ক'ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । কিন্তু এই আক্ৰান্ত সকলৰ চিকিৎসা আৰু যত্নৰ বাবে ৰঙিয়াত নাই এটা ক'ভিড কেয়াৰ চেণ্টাৰ । বেছিভাগ ক্ষেত্ৰতে ৰোগীসকলক অন্য অঞ্চলত থকা চিকিৎসালয় অথবা কেয়াৰ চেণ্টাৰলৈ স্থানান্তৰিত কৰিব লগীয়া হয় ।
সংকটজনক অৱস্থাৰ ৰোগীসকলক গুৱাহাটীলৈ পঠিয়াব লগীয়া হোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় ৰাইজৰ । গতিকে এনে সংকটময় সময়ত ৰঙিয়াত ৩০০ ক’ভিড আক্ৰান্তক ৰাখিব পৰাকৈ উন্নত মানদণ্ডৰ এখন ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ দাবী জনায় আমাৰ ৰঙিয়া আমাৰ গৌৰৱ নামৰ ফেচবুক পেজৰ সম্পাদক জয়ন্ত কুমাৰ কলিতাই । জয়ন্ত কুমাৰ কলিতাই মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰখন ।
লগতে পঢ়ক : ক'ভিড: ছুপাৰ স্প্ৰেডাৰ হ'ব পাৰে ৰাজ্যৰ লাখ লাখ শ্ৰমিক