ETV Bharat / state

অসমৰ ভূমিত মেঘালয় চৰকাৰৰ পকী পথ নিৰ্মাণৰ চেষ্টা

বকো আৰক্ষী থানাৰ অন্তৰ্গত হাহিম আৰক্ষী চকীৰ পৰা কিছু নিলগত মেঘালয় চৰকাৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত অসমৰ আঠীয়াবাৰীৰ পৰা উমছেক গাঁৱলৈ প্ৰায় 6.002 কিলোমিটাৰৰ পকী পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ৷

author img

By

Published : Sep 16, 2019, 12:50 PM IST

অসমৰ ভূমিত মেঘালয় চৰকাৰৰ পকী পথ নিৰ্মাণৰ চেষ্টা

বকো,16 চেপ্তেম্বৰঃ কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ৰানীঘাটত দেওবাৰে বিয়লি তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ অসম মেঘালয় সীমান্তত অসমৰ ভূমিৰ ওপৰেৰে মেঘালয় চৰকাৰে পকী পথ নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যক কেন্দ্ৰ কৰি এই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

তথ্য অনুসৰি বকো আৰক্ষী থানাৰ অন্তৰ্গত হাহিম আৰক্ষী চকীৰ পৰা কিছু নিলগত মেঘালয় চৰকাৰে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত অসমৰ আঠীয়াবাৰীৰ পৰা উমছেক গাঁৱলৈ প্ৰায় 6.002 কিলোমিটাৰৰ পকী পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ৷ যোৱা 2018 বৰ্ষৰ অক্টোবৰ মাহত এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল যদিও আৰক্ষীয়ে উক্ত পথছোৱাৰ নিৰ্মাণকাৰ্য বন্ধ কৰি অহাৰ লগতে ছাইনবোৰ্ড আৰু ফলক আদি জব্দ কৰি লৈ আহিছিল ৷ কিন্তু অসম আৰক্ষীয়ে পথটোৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়াৰ পাচত মেঘালয় চৰকাৰে পুনৰাই পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে ৷ পথটোৰ নিৰ্মাণ কাৰ্য চলি থকা বুলি জানিব পাৰি হাহিম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ নাথে আৰক্ষীৰ এটা দল লৈ পথ নিৰ্মাণস্থলীৰ পৰা কাম কৰি থকা ML-06-8426 নম্বৰৰ এখন টাটা ডাম্পাৰ সহিতে ডাম্পাৰৰ চালকজনক গ্ৰেপ্তাৰ কৰি বকো থানালৈ লৈ আহে ৷

দেওবাৰে বিয়লি কামৰূপ জিলা উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠক আৰু বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মণৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই হাহিম আৰক্ষীৰ সহযোগত মেঘালয় চৰকাৰে অসম ভূমিত পথ নিৰ্মাণ কৰি থকাৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে সীমান্তৱৰ্তী অঞ্চলটোৰ উত্তেজনা নিয়ন্ত্ৰণ কৰে ৷ পৰৱৰ্তী সময়ত বকো ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ লক্ষণীয় যে উক্ত পথছোৱাৰ নিৰ্মাণ কাৰ্যৰ সমৰ্থনত থকা অসমৰ একাংশ পুৰুষ-মহিলাই আৰক্ষীৰ গাড়ী আগচি ধৰাৰ চেষ্টা কৰে ৷ অৱশ্যে আৰক্ষীয়ে উক্ত প্ৰচেষ্টাক ব্যৰ্থ কৰিবলৈ সক্ষম হয় ৷ বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মণে জানিবলৈ দিয়া অনুসৰি বকো সমষ্টিত মেঘালয় চৰকাৰে অবৈধ ভাৱে নিৰ্মাণ কৰিব খোজা পথৰ কাম ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে ৷ আৰু যিকোনো অপ্ৰীতিকৰ ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে অঞ্চলটোত ৷

Intro:Body:অসম মেঘালয় সীমান্তত অসমৰ ভূমিৰ ওপৰেৰে মেঘালয় চৰকাৰে পকী ৰাস্তা নিৰ্মান কৰিবলৈ লোৱা কাৰ্যক লৈ কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ৰানীঘাটত সৃষ্টি হয় এক তীব্ৰ উত্তেজনাময় পৰিস্থিতি৷ প্ৰাপ্ত তথ্য অনুযায়ী, বকো আৰক্ষী থানাৰ অন্তৰ্গত হাহিম আৰক্ষী চকীৰ পৰা কিছু নিলগত মেঘালয় চৰকাৰে প্ৰধান মন্ত্ৰী গ্ৰাম স্বৰক যোজনাৰ অধীনত অসমৰ (বকোৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ নিলগত) আঠীয়াবাৰীৰ পৰা উমছেক গাৱঁলৈ প্ৰায় ৬.০০২ কিলোমিটাৰ পকী পথ নিৰ্মান কাৰ্য আৰম্ভ কৰিছিল৷ যোৱা ২০১৮ বৰ্ষৰ অক্টোবৰ মাহত এই নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিছিল যদিও উক্ত পথছোৱাৰ নিৰ্মানকাৰ্য বন্ধ কৰি দি অহাৰ লগতে ছাইনবোৰ্ড, ফলক আদি জব্দ কৰি লৈ আহিছিল আৰক্ষীয়ে৷ অসম আৰক্ষীয়ে বন্ধ কৰি দিয়াৰ পিছত পুনৰাই যোৱা কেইবাদিনো ধৰি ৰাস্তাটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাক লৈ সীমান্ত অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ৷ ৰাস্তাটোৰ কাম চলি থকা বুলি জানিব পাৰি হাহিম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ নাথে তেওঁৰ পুলিচ দলটোক লগত ৰাস্তাটো পৰিদৰ্শন কৰিবলৈ যায় আৰু তাত গৈ ৰাস্তাৰ কাম কৰি থকা এম এল ০৬ ৮৪২৬ নম্বৰৰ টাটা ডাম্পাৰ সহিতে চালকক গ্ৰেপ্তাৰ কৰি বকো থানালৈ লৈ আহে যদিও আজি গাড়ী আৰু চালকক এৰি দিয়ে।

অসম আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত কালি বিয়লি কামৰূপ জিলা উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠক আৰু বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ দল এটাই হাহিম আৰক্ষীৰ সহযোগত মেঘালয় চৰকাৰে অসম ভূমিত নিৰ্মাণ কৰি থকাৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে সীমান্তৱৰ্তী অঞ্চলটোৰ উত্তেজনা নিয়ন্ত্ৰণ কৰে৷ পিছত ঘটনাস্থলীত উপস্থিত হৈ বকো ৰাজহ চক্ৰ বিষয়াই (সংলগ্ন) পৰিস্থিতিৰ বুজ লয়৷ লক্ষনীয়, উক্ত পথছোৱাৰ নিৰ্মাণ কাৰ্যৰ সমৰ্থনত থকা অসমৰ একাংশ পুৰুষ-মহিলাই আৰক্ষীৰ গাড়ী আগছী ধৰাৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে উক্ত প্ৰচেষ্টাক ব্যৰ্থ কৰিবলৈকো সক্ষম হয়৷ বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মনক সোধাত তেওঁ জানিবলৈ দিয়ে যে যোৱা কালি যদিও অলপ সময়ৰ বাবে পৰিস্থিতি উত্তপ্ত হৈছিল কিন্তু তৎক্ষণাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছিল আৰু বকো সমষ্টিত মেঘালয় চৰকাৰে অবৈধ ভাৱে বনাব খোজা ৰাস্তাৰ কাম বন্ধ কৰি দিয়া হৈছে। বৰ্তমানলৈ পৰিৱেশ শান্ত আৰু যিকোনো অপ্ৰীতিকৰ ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী মোতায়ন কৰা হৈছে বুলিও জানিবলৈ দিয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.