ETV Bharat / state

সীমা সমস্যাক কেন্দ্ৰ কৰি গাৰো জাতীয় পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক - অসম মেঘালয় সীমান্তৱৰ্তী এলেকাত মন্ত্ৰী বিধায়কৰ প্ৰৱেশ নিষিদ্ধ

শুকুৰবাৰে সীমা সমস্যাক কেন্দ্ৰ কৰি গাৰো জাতীয় পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (Meeting of Garo Jatiya Parishad on border issue) ৷ এই সভাত অসমৰ কামৰূপৰ প্ৰায় 85 খন গাৰো গাঁৱৰ পুৰুষ মহিলা নিৰ্বিশেষে কেইবা শতাধিক গাঁওবাসীয়ে একেলগে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

garo-raised-issues-for-border
সীমা সমস্যাক কেন্দ্ৰ কৰি গাৰো জাতীয় পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Feb 25, 2022, 10:28 PM IST

বকো, 25 ফেব্ৰুৱাৰী: শুকুৰবাৰে অসমৰ গাৰোসকলক অসমত ৰখাৰ দাবীত ছয়গাঁৱৰ শান্তিপুৰত সাতটাকৈ গাৰো জাতীয় সংগঠনৰ এই প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ এই সভাত অসমৰ কামৰূপৰ প্ৰায় 85 খন গাৰো গাঁৱৰ পুৰুষ মহিলা নিৰ্বিশেষে কেইবা শতাধিক গাঁওবাসীয়ে একেলগে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ৰাজ্য চৰকাৰে গাৰোসকলৰ মাজত বিভাজন আনিব বিচাৰিছে বুলি উল্লেখ কৰি অসমৰ গাৰোসকলক বিভাজন নকৰি অসমতে ৰখাৰ দাবীত বকো সমষ্টি আৰু ছয়গাঁও সমষ্টিৰ বিভিন্ন প্ৰান্তত ক'লা বেজ পৰিধান কৰি ঘাইপথত প্ৰতিবাদ সাবস্ত্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সংগঠনকেইটাই (Meeting of Garo Jatiya Parishad on border issue) ।

সীমা সমস্যাক কেন্দ্ৰ কৰি গাৰো জাতীয় পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

লগতে নিৰ্বাচনত ভোট প্ৰদান নকৰে বুলিও এই সভাত সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিবাদী লোকসকলে ৷ লগতে গাৰোসকলৰ দীৰ্ঘদিনীয়া দাবী 'গাৰো স্বায়ত্ব শাসন' প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে এই পৰ্যন্ত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও উল্লেখ কৰে গাৰোসকলে ।

ইয়াৰোপৰি একাংশ অসমৰ গাৰো গাঁও মেঘালয়ত সন্নিবিষ্ট কৰি সীমা সমস্যা সমাধান গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি উল্লেখ কৰি গাৰো জাতীয় পৰিষদ, গাৰো মহিলা পৰিষদ, গাৰো যুৱ পৰিষদ, গাৰো জাতীয় ইউনিয়ন, গাৰো মাদাৰচ ইউনিয়ন, গাৰো বৰ্ডাৰ এচোছিয়েশ্যন, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে কামৰূপ আৰু গোৱালপাৰা জিলাৰ সাতটাকৈ গাৰো জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰয়োজনত অসম মেঘালয় সীমান্তৱৰ্তী এলেকাত মন্ত্ৰী বিধায়কৰ প্ৰৱেশ নিষিদ্ধ কৰাৰো হুংকাৰ দিছে সংগঠনকেইটাই ৷

লগতে পঢ়ক : Modi spoke to Putin: মোদীয়ে হিংসা বন্ধ কৰিবলৈ আহ্বান জনালে পুটিনক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.