আজাৰা, 4 আগষ্ট: ৰাজ্যত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানৰ পৰা বৰ্তমান ৰাজ্যবাসীয়ে কিছু সকাহ পাইছে যদিও বানৰ পাচত বানাক্ৰান্ত অঞ্চলসমুহত দেখা দিছে নানা ৰোগে ৷ সেয়েহে সদায় বাতৰি সংগ্ৰহ কৰি থকা সাংবাদিকসকলো মানৱ সেৱাত বৰ্তী হৈ দক্ষিণ কামৰূপৰ পলাশবাৰীত অনুষ্ঠিত কৰে মেগা চিকিৎসা শিৱিৰ । পলাশবাৰীৰ ৰাস মহোৎসৱৰ কাৰ্যালয়ত ইলেকট্ৰ'নিক এণ্ড প্ৰিন্ট মিডিয়া চাউথ কামৰূপৰ উদ্যোগত আৰু পলাশবাৰী ৰাস মহোৎসৱ সমিতিৰ সহযোগত পলাশবাৰীৰ বানাক্ৰান্ত ৰাইজৰ বাবে লায়নচ ক্লাৱ গুৱাহাটীৰ বিনামূলীয়া মেগা চিকিৎসা শিৱিৰ আয়োজন কৰা হয় । বানাক্ৰান্ত লোকসকলৰ ৰোগসমূহ ৰোধ কৰিবলৈ দক্ষিণ কামৰূপৰ পলাশবাৰীত অনুষ্ঠিত কৰা হৈছে মেগা চিকিৎসা শিৱিৰ । মেগা চিকিৎসা শিৱিৰত বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ লগতে সাহাৰ্যও বিতৰণ কৰা হয় ।
আনহাতে, মহানগৰীৰ ধাৰাপুৰৰ সমীপৰ মাজিৰগাঁও গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অসম চিকিৎসা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্মিলন আৰু শৈক্ষিক মঞ্চ,গুৱাহাটীৰ সৌজন্যত বানপীড়িতৰ বাবে বিনামুলীয়া চিকিৎসা আৰু ঔষধ বিতৰণ কৰা হয় এই চিকিৎসা শিৱিৰত । ইলেক্ট্ৰ'নিক প্ৰিন্ট মিডিয়া ফ'ৰাম চমুকৈ ইপি মিডিয়াৰ এনে পদক্ষেপক শলাগ লয় বিভিন্ন জনে ।