ETV Bharat / state

ছয়গাঁৱত অবৈধ ইটা ভাটা বন্ধ কৰাৰ দাবীত বিশাল প্ৰতিবাদী সমদল

author img

By

Published : Sep 13, 2020, 8:57 PM IST

ছয়গাঁৱৰ বাংকাকাটাত অবৈধ ইটা ভাটা বন্ধ কৰাৰ দাবীত ৰাইজৰ বিশাল প্ৰতিবাদী সমদল ৷ হাতে হাতে প্লে কাৰ্ড লৈ ইটা ভাটা বন্ধ কৰক, কৃষিভূমি সুৰক্ষা দিয়ক, ইটাভাটাৰ নামত দালাল ৰাজ নচলিব, প্ৰকৃতিক সুৰক্ষা দিয়ক, আমাক জীয়াই থাকিবলৈ দিয়ক,অবৈধ ইটা ভাটাৰ মালিক হুচিয়াৰ, বাংকাকাটাৰ পৰিৱেশ ৰক্ষা কৰক, ইটা ভাটাৰ নামত মাটিৰ বেদখল বন্ধ কৰক আদি শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

ছয়গাঁৱত অবৈধ ইটা ভাটা বন্ধ কৰাৰ দাবীত বিশাল প্ৰতিবাদী সমদল
ছয়গাঁৱত অবৈধ ইটা ভাটা বন্ধ কৰাৰ দাবীত বিশাল প্ৰতিবাদী সমদল

ছয়গাঁও, 13 ছেপ্তেম্বৰ : ছয়গাঁৱৰ বাংকাকাটাত অবৈধভাৱে চলি থকা ইটা ভাটাসমূহ উচ্ছেদ কৰাৰ দাবীত দেওবাৰে সহস্ৰাধিক পুৰুষ মহিলাই এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ প্ৰতিবাদী সমদলটোৱে হাতে হাতে প্লে কাৰ্ড লৈ ইটা ভাটা বন্ধ কৰক,কৃষিভূমি সুৰক্ষা দিয়ক,ইটাভাটাৰ নামত দালাল ৰাজ নচলিব,প্ৰকৃতিক সুৰক্ষা দিয়ক,আমাক জীয়াই থাকিবলৈ দিয়ক,অবৈধ ইটা ভাটাৰ মালিক হুচিয়াৰ,বাংকাকাটাৰ পৰিৱেশ ৰক্ষা কৰক,ইটা ভাটাৰ নামত মাটিৰ বেদখল বন্ধ কৰক আদি শ্ল’গানেৰে উত্তাল কৰি তোলে অঞ্চলটোৰ চৌদিশ ৷

প্ৰতিবাদী সমদলটোৱে প্ৰথমে বাংকাকাটা জয়নাৰায়ণ বিদ্যালয়ত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি গাঁওখনৰ মাজত স্থাপন কৰা তমিজ আলী নামৰ লোকজনৰ ইটা ভাটালৈ গৈ ইটা ভাটাটো বন্ধ কৰাৰ দাবীত বিভিন্ন শ্ল’গান দিয়ে ৷ তাৰ পিচতেই সমদলটোৱে দক্ষিণ বাংকাকাটাত থকা ইটা ভাটাৰ ওচৰলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বাংকাকাটা বিআৰএফ নামৰ সংগঠনটোৰ উদ্যোগত দেওবাৰে উলিওৱা প্ৰতিবাদী সমদলটোত উত্তৰ বৰংকাকাটা,দক্ষিণ বাংকাকাটা,বালাগাঁও কোচপাৰা,জামুগুৰি আদি অঞ্চলৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰাৰ লগতে জাতীয় সেনাৰ সভাপতি নয়নমণি শালৈৰ লগতে কেইবাগৰাকী সদস্যই অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, বৃহত্তৰ বাংকাকাটা অঞ্চলত তিনিটা চিমনি ভাটা থকাৰ লগতে কেইবাটাও বাংলাভাটা ইটাৰ ভাটা আছে ৷ ইয়াৰে প্ৰায় কেইটা ইটা ভাটাই অবৈধ বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

ইটা ভাটা কেইটাই অঞ্চলটোৰ পৰিৱেশ দূষিত কৰা বুলিও ৰাইজে অভিযোগ কৰিছে ৷ প্ৰতিবাদীসকলে অভিযোগ কৰা মতে তমিজ আলী নামৰ নামত থকা চিমনি ভাটাটোৰ বাবে তমিজ আলীয়ে ওচৰতে থকা সাততালুক পঞ্চায়তৰ এটি বিলৰ বহুসংখ্যক মাটি বেদখল কৰিছে ৷ তমিজ আলীয়ে বিলটোৰ বহু মাটি পুতি পেলোৱাৰ লগতে তাৰ মাটি খান্দি ইটা ভাটাটোত ব্যৱহাৰ কৰা বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ আনহাতে তমিজ আলী নামৰ লোকজনে অগপ দলটোৰ এজন নেতা হোৱাৰ লগতে গুমি বাংকাকাটা গাঁও পঞ্চায়তৰ সভাপতি হোৱাৰ সুযোগতে দাদাগিৰী কৰি বাংকাকাটা জয়নাৰায়ণ বিদ্যালয়খনৰ পাঁচ বিঘা মাটিও ইটা ভাটাটোৰ নামত ব্যৱহাৰ কৰি আছে বুলি বিস্ফোৰক অভিযোগ কৰে ৷

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা মতে বাংকাকাটাত এনেদৰে গাৰ জোৰেৰে অবৈধভাৱে ইটাভাটা চলাই থকা মালিক সকলৰ লগত প্ৰশাসনৰ গোপন বুজাবুজি আছে ৷ প্ৰতিবাদকাৰীসকলে বাংকাকাটাত এনেদৰে অবৈধভাৱে স্থাপন কৰা ইটা ভাটা সমূহ বন্ধ কৰিবলৈ ছয়গাঁও চক্ৰ বিষয়া আৰু জিলা উপায়ুক্তৰ ওচৰত কেইবাবাৰো লিখিত অভিযোগ দিয়াৰ পিচতো প্ৰশাসনে ইটা ভাটা সমূহ বন্ধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে ৷

প্ৰতিবাদকাৰী সকলে অতিশীঘ্ৰে বাংকাকাটা অঞ্চলত অবৈধভাৱে চলি থকা ইটা ভাটা সমূহ বন্ধ কৰিবলৈ প্ৰশানৰ ওচৰত দাবী জনাইছে ৷ আনহাতে দেওবাৰে ছয়গাঁৱৰ এক অনুষ্ঠানত স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদে অংশগ্ৰহণ কৰি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে ছয়গাঁৱত অবৈধভাৱে চলি থকা ইটা ভাটা সমূহ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

লগতে চাওক-ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে শিশু কৰ’ণা ৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.