ৰঙিয়া,9 অক্টোবৰঃ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো ক’ভিড-19 আক্ৰান্তৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে। কিন্তু মানুহৰ মাজত নাই সজাগতা। এই ক্ষেত্ৰত ৰঙিয়া মহকুমা প্ৰশাসনে গ্ৰহণ কৰিছে এক পদক্ষেপ । প্ৰভাতী কিৰণ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰঙিয়াৰ বজাৰ সমূহত মাস্ক বিতৰণ আৰু সজাগতা সৃষ্টিৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে। সংগঠনটোৰ কৰ্মকৰ্তা সকলে মুলতঃ বিক্ৰেতা সকলৰ ওচৰলৈ গৈ মাস্ক বিতৰণ কৰাৰ লগতে মাস্ক নিপিন্ধিলে অনাগত দিনত প্ৰশাসনে বিহিত ব্যৱস্থা লব বুলি সকীয়াই দিয়ে।
কৰ্মকৰ্তা সকলে বিক্ৰেতা সকলক অনুৰোধ জনায় যাতে তেওঁলোকে মাস্ক নিয়মিত ভাৱে ব্যৱহাৰ কৰি নিজৰ লগতে বাকী সকলকো সুৰক্ষিত ৰাখক ।
লগতে পঢ়কঃSI কেলেংকাৰীৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ বৰঝাৰ বিমানবন্দৰত