ETV Bharat / state

Assam drive against child marriage: ৰঙিয়াত বাল্যবিবাহৰ লগত জড়িত ১৪ জনক গ্ৰেপ্তাৰ - ৰঙিয়াত আৰক্ষীৰ অভিযান

বাল্যবিবাহৰ বিৰুদ্ধে ৰঙিয়াত আৰক্ষীৰ অভিযান ৷ অভিযানত আটক ১৪ জন লোক (Illegitimate husband arrested From Rangia) ৷

Many people arrested in connection with child marriage in Rangia
ৰঙিয়াত আৰক্ষীৰ অভিযানত আটক ১৪ জন
author img

By

Published : Feb 3, 2023, 1:35 PM IST

ৰঙিয়া, 3 ফেব্ৰুৱাৰী: “শুকুৰবাৰৰ পৰা বাল্য বিবাহত জড়িত সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰা হ’ব । অহা ছয়-সাত দিনত ১৮ বছৰৰ তলৰ কিশোৰীক বিয়া কৰোৱা হাজাৰ হাজাৰ যুৱক বা পুৰুষক গ্ৰেপ্তাৰ কৰা হ’ব ।” বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতেই তৎপৰ হৈ পৰিছে অসম আৰক্ষী (Assam drive against child marriage) ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতেই কাম ৷ বৃহস্পতিবাৰৰ নিশাৰে পৰা ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে আৰম্ভ হৈছে অসম আৰক্ষীৰ তীব্ৰতৰ অভিযান প্ৰক্ৰিয়া (Assam Govt against Child marriage)। উল্লেখ্য যে সমগ্ৰ অসমত এই পৰ্যন্ত বাল্যবিবাহৰ বিৰুদ্ধে ৰুজু হৈছে 4004 টা গোচৰ (4,004 child marriage cases registered in Assam)।

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিখন জিলাতে চলিছে আৰক্ষীৰ অভিযান (Operation against Child marriage In Assam) ৷ বৃহস্পতিবাৰে নিশাৰে পৰা আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান চলাই আটক কৰে প্ৰায় 750 গৰাকী লোকক (Operation against Child marriage In Assam) ৷ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো বাল্যবিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে আৰক্ষীয়ে ।

Many people arrested in connection with child marriage in Rangia
ৰঙিয়াত আৰক্ষীৰ অভিযানত আটক ১৪ জন

বৃহস্পতিবাৰে নিশা চলোৱা অভিযানত বৰ্তমানলৈকে ৰঙিয়া আৰক্ষীয়ে বাল্যবিবাহৰ লগত জড়িত ১৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ হোৱা কেইজনৰ ভিতৰত ৫ জন স্বামী হোৱাৰ বিপৰীতে বাকী কেইজন বাল্যবিবাহত জড়িত পৰিয়ালৰ সদস্য (Illegitimate husband arrested From Rangia)। ৰঙিয়া থানা এলেকাৰ ১০ জন, ডিমু ডোবক আৰক্ষী চকীৰ একেলকাৰ ২ জন আৰু তুলসীবাৰীৰ ২ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

ইফালে আৰক্ষীৰ অভিযানৰ খবৰ পাই ইতিমধ্যে আন পাঁচ গৰাকী স্বামী পলাতক হৈ আছে । ইফালে ধৃত লোক কেইজন হৈছে বাইহাটা চাৰিআলিৰ হাফিজুল ৰহমান, ৰঙিয়া কাছাৰি শ'লমাৰীৰ নজৰুল আলী আৰু তজনুৰ আলী, কেকেনিকুছিৰ সুভাষ নাথ আৰু যতীন নাথ, হাজোৰ আগদোলাৰ ৰাজীৱ দাস, ৰঙিয়াৰ নগৰৰ ১ নং ৱাৰ্ডৰ জেহেৰুল হক, দগাঁৱৰ মিন্টু আলী, শ’লমাৰীৰ আকাশ আলী, কেকেনিকুছিৰ ধীৰেণ দাস, হীৰাগাতাৰ গোলমহম্মদ আলী, বাইহাটা চাৰিআলিৰ হুছেইন আলী, তুলসীবাৰীৰ কাফুল আলী আৰু মজিবৰ আলী ।

আৰক্ষীয়ে বৰ্তমান লোক কেইজনক নিজৰ জিম্মাত ৰাখিছে আৰু কিছুসময়ৰ পিছত আদালতত হাজিৰ কৰোৱাব বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে (Child marriage in Assam)।

লগতে পঢ়ক: Anti-child marriage operation in Assam: ১৬ বছৰীয়া কিশোৰী বিয়া পাতি ধৃত স্বামীৰ প্ৰশ্ন - পত্নীৰ দায়িত্ব এতিয়া কোনে ল’ব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.