ETV Bharat / state

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 425 সংখ্যক তিৰোভাৱ তিথি - মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 425 সংখ্যক তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰা হৰিনামৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ নামঘৰৰসমূহ ৷

madhavdev 425th death anniversary will be observe accross different satras of Assam
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 425 সংখ্যক তিৰোভাৱ তিথি
author img

By

Published : Aug 27, 2021, 6:51 AM IST

Updated : Aug 27, 2021, 4:56 PM IST

নিউজ ডেস্ক, 27 আগষ্ট : আজি মহাপুৰষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি ৷ 1596 চনত কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৷ জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা ৷ গোটেই জীৱনটো তেওঁ গভীৰ জ্ঞানৰ অন্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল ।

মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হ’বলৈ উৎসাহ দিছিল । ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল ‘নামঘোষা’ । এহেজাৰটা ঘোষা থকা বাবে নামঘোষাক ‘হেজাৰী ঘোষা’ বুলিও কোৱা হয় ।

মাধৱদেৱে একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল । মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি এঘাৰটা (এশ একান্নবৈটা) মান গীতহে উপলব্ধ ।

অৱশ্যে, ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰিছে ৷ মহাপুৰুষ গৰাকীৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰসমূহত পুৱাৰে পৰা হৰিনামেৰে মুখৰিত হৈ পৰিছে ৷ বিগত বৰ্ষত ক’ভিড মহামাৰীৰ বাবেই মহপুৰুষজনাৰ তিৰোভাৱ তিথি উদযাপন কৰিব নোৱাৰিলে ভক্ৰপ্ৰাণ ৰাইজে ৷

এইবেলি নামঘৰসমূহত ক’ভিড প্ৰট’কল মানিয়ে পালন কৰা হ’ব মহাপুৰষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি ৷

লগতে পঢ়ক : ৰাজ্যিক কেবিনেটত নিবনুৱাৰ বাবে ভাল খবৰ: অচিৰেই মুকলি হ'ব বহু পদ

Last Updated : Aug 27, 2021, 4:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.