বৰপেটাৰোড, 26 আগষ্টঃ কোৰিয়াত নিৰ্মিত 112 বাণ্ডিল চিগাৰেট জব্দ ৷ সোমবাৰে সহকাৰী আৰক্ষী উপ পৰিদৰ্শক অসীম দাসৰ নেতৃত্বত যোৱা ৰঙিয়াৰ ক্ৰাইম প্ৰিভেনচন ডিটেকচন অফ স্কোৱাডৰ এটা দলে ডিব্ৰুগড়-চেন্নাই এক্সপ্ৰেছ ৰেলৰ পৰা জব্দ কৰে বিদেশী চিগাৰেট সমূহ ৷ উল্লেখ্য যে,একাংশ অসাধু ব্যৱসায়ীয়ে উক্ত চিগাৰেট সমূহ কোৰিয়াৰ পৰা ম্যানমাৰ-মণিপুৰ আৰু ডিমাপুৰ হৈ ডিব্ৰুগড়-চেন্নাই এক্সপ্ৰেছ ৰেলগাড়ী যোগে দক্ষিণ ভাৰতলৈ নি আছিল ৷ কৰ ফাঁকি দি অবৈধ ভাৱে সৰবৰাহ কৰা চিগাৰেট খিনিৰ ক্ষেত্ৰত আৰক্ষীয়ে কোনো লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ জব্দ কৰা চিগাৰেট খিনিৰ মূল্য প্ৰায় 7 লাখ ৭০ হাজাৰ টকা হ'ব বুলি বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
ৰঙিয়াত 112 বাণ্ডিল কোৰিয়ান চিগাৰেট জব্দ
ৰঙিয়াত 112 বাণ্ডিল কোৰিয়ান চিগাৰেট জব্দ ৷ কোৰিয়াৰ পৰা ম্যানমাৰ-মণিপুৰ আৰু ডিমাপুৰ হৈ ডিব্ৰুগড়-চেন্নাই এক্সপ্ৰেছ ৰেলগাড়ী যোগে দক্ষিণ ভাৰতলৈ নি থকা হৈছিল চিগাৰেটখিনি ৷
বৰপেটাৰোড, 26 আগষ্টঃ কোৰিয়াত নিৰ্মিত 112 বাণ্ডিল চিগাৰেট জব্দ ৷ সোমবাৰে সহকাৰী আৰক্ষী উপ পৰিদৰ্শক অসীম দাসৰ নেতৃত্বত যোৱা ৰঙিয়াৰ ক্ৰাইম প্ৰিভেনচন ডিটেকচন অফ স্কোৱাডৰ এটা দলে ডিব্ৰুগড়-চেন্নাই এক্সপ্ৰেছ ৰেলৰ পৰা জব্দ কৰে বিদেশী চিগাৰেট সমূহ ৷ উল্লেখ্য যে,একাংশ অসাধু ব্যৱসায়ীয়ে উক্ত চিগাৰেট সমূহ কোৰিয়াৰ পৰা ম্যানমাৰ-মণিপুৰ আৰু ডিমাপুৰ হৈ ডিব্ৰুগড়-চেন্নাই এক্সপ্ৰেছ ৰেলগাড়ী যোগে দক্ষিণ ভাৰতলৈ নি আছিল ৷ কৰ ফাঁকি দি অবৈধ ভাৱে সৰবৰাহ কৰা চিগাৰেট খিনিৰ ক্ষেত্ৰত আৰক্ষীয়ে কোনো লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ জব্দ কৰা চিগাৰেট খিনিৰ মূল্য প্ৰায় 7 লাখ ৭০ হাজাৰ টকা হ'ব বুলি বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059