ETV Bharat / state

লক ডাউনে কঁকাল ভাঙিছে উত্তৰ-পূৰ্বাঞ্চলৰ মানচেষ্টাৰৰ

author img

By

Published : Aug 7, 2020, 8:50 PM IST

Updated : Aug 11, 2020, 8:08 PM IST

আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ৷ এই দিৱস উপলক্ষে ইটিভি ভাৰতৰ সংবাদকৰ্মী উপস্থিত হৈছিল এখন বিশেষ গাঁৱত ৷ যি গাঁও এসময়ত স্বচক্ষে পৰিদৰ্শন কৰিছিল জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে ভাৰতৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ড৹ এপিজে আব্দুল কালামে ৷ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে গাঁওখনৰ কথাৰে প্ৰস্তুত কৰা হৈছে এই বিশেষ প্ৰতিবেদন-

কোভিড ১৯
শুৱালকুছি

ৰঙিয়া/বাইহাটা,7 আগষ্ট: শুকুৰবাৰে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ৷ এই দিৱস উপলক্ষে ইটিভি ভাৰতৰ সংবাদকৰ্মী উপস্থিত হৈছিল এখন বিশেষ গাঁৱত ৷ যি গাঁও এসময়ত স্বচক্ষে পৰিদৰ্শন কৰিছিল জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে ভাৰতৰ পূৰ্বৰ ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ মানচেষ্টাৰ খ্যাত শুৱালকুছি পৰিচিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বস্ত্ৰ উদ্যোগ হিচাপে ৷ প্ৰায় 15,500 খন তাঁতশাল থকা শুৱালকুছি বৰ্তমান ক’ভিড 19-ৰ আতংকৰ গ্ৰাসত ৷

ক’ভিড-১৯ ৰ আতংকৰ বাবে চলি থকা লক ডাউনে বিষম প্ৰভাৱ পেলাইছে বয়ন শিল্পত ৷ ব্যতিক্ৰম নহ’ল কামৰূপ জিলাৰ শুৱালকুছিও ৷ বিগত সময়ছোৱাত পাট-মুগাৰ কাপোৰৰ সফল ব্যৱসায় চলাই অহা অঞ্চলটোৰ প্ৰতিগৰাকী ব্যৱসায়ী সন্মুখীন হৈছে যথেষ্ট লোকচানৰ ৷ বৃহত্তৰ অঞ্চলটোৰ প্ৰতিগৰাকী ব্যক্তি জীৱিকাৰ বাবে নিৰ্ভৰশীল তাঁতশালৰ ওপৰত ৷ কিন্তু কৰ’ণা মহামাৰীয়ে সলনি কৰিলে সকলো ৷ দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে শুৱালকুছিত উৎপাদিত পাট-মুগাৰ কাপোৰসমূহ পৰি ৰৈছে গুদামত ৷ এনেদৰে পৰি থকা কাপোৰসমূহ বিক্ৰীৰ অভাৱত সম্প্ৰতি নষ্ট হ’বলৈ ধৰাৰ কথা ব্যক্ত কৰে বিগত 17 বছৰে উদ্যোগটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ব্যৱসায়ী মিণ্টু বৈশ্যই ৷

লক ডাউনে কঁকাল ভাঙিছে উত্তৰ-পূৰ্বাঞ্চলৰ মানচেষ্টাৰৰ

একপ্ৰকাৰ স্তব্ধ হৈ যোৱা বস্ত্ৰ উদ্যোগটোৰ লগত জড়িত শিপিনীসকল উভটি গৈছে ঘৰলৈ ৷ পুৰুষানুক্ৰমে চলি অহা শুৱালকুছিৰ বস্ত্ৰ উদ্যোগটোৰ লগতে অঞ্চলটোৰ জীৱনশৈলীৰ ওপৰত বিস্তৰ প্ৰভাৱ পেলাইছে লক ডাউনে ৷ চৰকাৰৰ তৰফৰ পৰা আৰ্টফেডে অঞ্চলটোৰ প্ৰতিঘৰৰ পৰা কাপোৰ ক্ৰয়ৰ আঁচনি গ্ৰহণ কৰিছিল যদিও ইয়াৰ দ্বাৰা উপকৃত হৈছে মুষ্টিমেয় কেইগৰাকীমান ব্যৱসায়ী ৷ 22 বছৰে এগৰাকী পাট-মুগাৰ কাপোৰৰ ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত হোৱা খনিন কুমাৰ দাসে উদ্যোগটোৱে কিছু বছৰ পিছত কঁকাল পোনাব নোৱাৰিব বুলি আক্ষেপেৰে প্ৰকাশ কৰে ৷

Lock Down Effect on sualkuchi village kamrup assam etv bharat news
পাট-মুগাৰ বিপণীত ৰঙৰ সমাহাৰ

লক ডাউনৰ সময়ছোৱাত চৰকাৰে বিভিন্ন কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছে যদিও বিশেষভাৱে উপকৃত হোৱা নাই শিপিনীসকল ৷ উদ্যোগটোৰ সৈতে জড়িত প্ৰায় 10,000 শিপিনীৰ ঘৰত বৰ্তমান নুমুৱাৰ উপক্ৰম হৈছে আখলৰ জুই ৷ উপায়হীন মালিকপক্ষই শিপিনীসকলক প্ৰদান কৰিব পৰা নাই উপযুক্ত সুবিধা ৷ কিয়নো বজাৰত পূৰ্বৰ দৰে নাই পাট কাপোৰৰ চাহিদা ৷ মুঠৰ ওপৰত এক জটিল সন্ধিক্ষণৰ সন্মুখীন হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বস্ত্ৰ উদ্যোগটো ৷

লগতে চাওকঃ হস্ততাঁত শিল্পৰে জীৱন যুঁজত জয়ী হোৱা ৰেণু দাসৰ কথাৰে...

Last Updated : Aug 11, 2020, 8:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.