ৰঙিয়া,12 মে’: লক্ ডাউনৰ পূৰ্ণ প্ৰভাৱ পৰিছে কামৰূপৰ ৰঙিয়াস্থিত এপল’ মিলৰ শ্ৰমিক-কৰ্মচাৰীৰ ওপৰত ৷ নূন্যতম খাদ্য সামগ্ৰীৰ বাবে বৰ্তমান হাহাকাৰ কৰিবলগীয়া হৈছে মিলটোৰ প্ৰতিজন কৰ্মচাৰীয়ে ৷ প্ৰায় 500 জন কৰ্মচাৰী সম্প্ৰতি লক্ ডাউনৰ বাবে উপাৰ্জনহীন হোৱাত জীৱনৰ প্ৰতি চৰম প্ৰত্যাহ্বান নামি আহিছে ৷
উল্লেখ্য যে,বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত এসময়ত বিশেষ অৰিহণা আগবঢ়োৱা এপল’ মিল বিগত প্ৰায় চাৰি বছৰে বন্ধ হৈ আছিল ৷ উক্ত সময়ছোৱাত উপায়ন্তৰ শ্ৰমিক-কৰ্মচাৰীয়ে দিন-হাজিৰা কৰি পেট প্ৰৱৰ্তাবলৈ বাধ্য হৈছিল ৷ পৰৱৰ্তী সময়ত পেটে-ভাতে খাই থকা কৰ্মচাৰীসকলক লক্ ডাউনে বাৰুকৈয়ে ক্ষতি কৰে ৷ সেয়ে দুৰ্ভগীয়া শ্ৰমিক-কৰ্মচাৰীসকলে চৰকাৰক এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰি পৰিয়ালকেইটিক খাদ্য়ৰ লগতে অত্যাৱশ্য়কীয় সামগ্ৰী যোগান ধৰিবলৈ আহ্বান জনাইছে ৷